![]()
ছাইদুল ইছলাম
ডিফু : বিগত কিছুদিন ধৰি ৰাজ্যৰ অপৰাধৰ ক্ষেত্ৰখনত অবৈধ ড্ৰাগছ ব্যৱৰহাৰকাৰী আৰু সৰবৰাহকাৰীৰ সক্ৰিয়তা পৰিলক্ষিত হোৱাৰ সমান্তৰালকৈ শেহতীয়াকৈ ৰাজ্যৰ বনাঞ্চলসমূহত কু-দৃষ্টি নিক্ষেপ কৰিছে বন মাফিয়া চক্ৰই ৷ পাহাৰীয়া জিলা বোকাজানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বোকাজানৰ ডাৰোগা বাগানৰ ভিতৰত জব্দ কৰা হৈছে কাঠখিনি। উক্ত ঘটনাই বহু মূল্যৱান কাঠ আৰ বনজ সম্পদৰে ভৰপুৰ সেউজ কাৰ্বি আংলঙলৈ আনিছে অশনি সংকেত। বোকাজানত বনাঞ্চল ধ্বংসৰ যজ্ঞৰ বাবে নামি পৰিছে একাংশ অসাধু বন ধংসকাৰী।
বোকাজানৰ ললিত শৰ্মা নামৰ এজন লোকৰ ঘৰৰ পাছফালে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ। ঘৰৰ পাছফালে লুকুৱাই ৰাখিছিল কাঠখিনি। কাঠখিনিৰ বজাৰ মূল্য ১০ লাখতকৈও অধিক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
উল্লেখ্য যে কাৰ্বি আংলঙৰ বিভিন্ন অসাধু ব্যৱসায়ীয়ে গছ বন কাটি বনাঞ্চল ধ্বংসৰ যজ্ঞ চলাই আহিছে। এই সকলোবোৰ দেখিও নিৰ্লিপ্ততাৰ ভূমিকা পালন কৰিছে বোকাজান বন বিভাগে। অন্যহাতে বোকাজানত বহু বন মাফিয়াই দীৰ্ঘদিনৰ পৰা মূল্যবান কাঠৰ ছিণ্ডিকেট চলাই আহিছে। আচলতে এই সকল মাফিয়াক বনাঞ্চল ধ্বংসৰ বাবে কোনে সেউজ সংকেত প্ৰদান কৰিলে? নে বন বিভাগক মেনেজ কৰি এই ধ্বংসযজ্ঞ চলাই গৈছে বন মাফিয়াই ।
প্ৰকৃততে এই অসাধু ব্যৱসায়ীসকলক কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বোকাজান বন বিভাগে সেয়া লক্ষণীয় হ’ব।












