![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বুধবাৰে নিশা কাৰবি আংলং জিলাৰ সদৰ চহত এজনলোকে চীপলৈ আত্মহত্যা কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্তখবৰ অনসৰি যোৱা বুধবাৰে নিশা প্ৰায় ১১ মান বজাত ডিফু পানবাৰী পকী দলঙৰ ওচৰৰ এটি ভাড়াটীয়া কোঠাত লোকজনে বাঁহৰ মাৰুলিত ৰচীৰে ডিঙিত চীপলৈ উলমি থকা প্ৰত্যক্ষ কৰে চুবুৰীয়াৰ লোকে ৷
ঘটনাৰ খবৰ লাভ কৰি স্থানীয় আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিত মৃতদেহৰ চুৰতহাল কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাললৈ প্ৰেৰণ কৰে ৷ চীপলোৱা ব্যক্তিজন শিৱ পুজন যাদৱৰ পুত্ৰ বিজয় যাদৱ বুলি চিনাক্ত কৰা হৈছে ৷ এই সন্দৰ্ভত ডিফু থানাত ১৮/২০২১ নম্বৰত এক ইউডি গোছৰ ৰুজো দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷













