![]()
ছাইদুল ইছলাম
ডিফু : ৰাজ্যজুৰি তোলাপাৰ লগোৱা SI বদ্ৰী কাণ্ডত সাঙুৰ খাই পৰা ডিফুৰ সৰস্বতী হাষ্ণুৰ অট্টালিকাৰ সন্দৰ্ভত চলি থকা সৰৱ চৰ্চাৰ মাজতে আজি এক নতুন স্বীকাৰোক্তি দিলে সৰস্বতী হাষ্ণুৰ মাতৃয়ে ৷ কাৰবি আংলঙৰ ডিলাই, খটখটী আৰু বকলীয়া থানাৰ পৰাই OC বদ্ৰী প্ৰসাদে ঢলাইছিল এখন কলা সাম্ৰাজ্য। এইক্ষেত্ৰত সহযোগ আগবঢ়োৱাৰ অভিযোগ কনিষ্টবল সৰস্বতী হাষ্ণুৰ বিৰুদ্ধে ।
যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে মহানগৰ আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও সৰস্বতীৰ মাতৃয়ে উত্থাপিত অভিযোগসমূহ খণ্ডন কৰিছে । কাৰবি আংলঙত কৰ্মৰত অৱস্থাত বিভাগীয় ওপৰৱালাক সন্তুষ্ট কৰি SI বদ্ৰী প্ৰসাদ বাৰুৱাতীয়ে চলাই গৈছিল এক ৰমৰমীয়া বেহা । বিদ্ৰোহী সংগঠনৰ সৈতে মিলি চুৰি গাড়ী উদ্ধাৰ কৰি পুনৰ বিক্ৰী কৰা আদি বহু অভিযোগৰ উপৰি ৰে’ল বিভাগত সোণ চুৰিত অভিযুক্ত SI বদ্ৰী এতিয়া ৰঙা ঘৰৰ আলহী । বদ্ৰীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত হোৱা কনিষ্টবল সৰস্বতী হাচনুক ইতিমধ্যে ডিফুৰ হৰিলাল বস্তিৰ এটা ঘৰৰ পৰা নন্দিনী কাকতিৰ নেতৃত্বৰ এটি দলে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। SI বদ্ৰীৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্কৰ কথা অস্বীকাৰ কৰাৰ লগতে হৰিলাল বস্তিৰ ঘৰটো নিজে বনোৱা বুলি দাবী কৰে সৰস্বতীৰ মাতৃগৰাকীয়ে। সৰস্বতী হাচনুৰ মাতৃৰ দাবী কিমান যুক্তিসংগত সেয়া আৰক্ষীৰ তদন্তত হে জানিব পৰা যাব।












