![]()
ছাইদুল ইছলাম
ডিফু : ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত এগৰাকী পঞ্চাছোৰ্দ্ধৰ অচিনাক্ত লোকৰ খবৰ পোহৰলৈ আহিছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি যোৱা ২৯ জুনত অচিনাক্ত লোকজনে নিজকে অমল ভৌমিক ( ৫৫) বুলি চিকিৎসালয়খনত নাম পঞ্জীয়ণ কৰাই চিকিৎসা গ্ৰহণৰ বাবে ভৰ্তি হয় ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে লোকজনে শেষ নি:শ্বাস ত্যাগ কৰে ৷
মৃত লোক জনৰ ঠিকনা বা কোনো আত্মীয় বিষয়ে নজনাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীৰ জৰিয়তে ৭২ ঘণ্টাৰ বাবে লোকজনৰ মৃতদেহ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ মৰ্গত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে ৷ এই সন্দৰ্ভত ডিফু থানাত ৭১৫/২০২১ নম্বৰত ঘটনাটো দৰজ দি ৰখা হৈছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷













