![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ বাবে বিভিন্নজনে কৰ্মসংস্থাপন হেৰুৱাৰ লগতে তথা ৰাজ্যত চলি থকা মিনি লকডাউনৰ বাবে এক প্ৰকাৰ দিশহাৰা হৈ পৰা অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক আৰু নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যাব নোৱাৰাত ৰাজ্যত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ তেনে সময়তে পাৰ্বত্য জিলা কাৰবি আংলঙৰ কেইজনমান যুৱকৰ আশাসুধীয়া প্ৰচেষ্টাত জিলাখনৰ নিবনুৱা সমস্যা আংশিকভাবে দূৰ কৰাৰ বাবে আৰু অসংগঠিত শ্ৰমিকসকলৰ কৰ্ম সংস্থাপন জিলাখনতে সুনিশ্চিত কৰিবলৈ মুকলি কৰিছে কাৰবি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেড ৷
আজিৰে পৰা আনুষ্ঠানিকভাবে মুকলি কৰা হৈছে কাৰবি ছিকিউৰিটি ছাৰ্ভিছৰ কাম-কাজ ৷ পৰিচালন সঞ্চালক বিমল কিলিঙ, জেনেৰেল মেনেজাৰ, সঞ্জয় টেৰাঙ, ছুপাৰভাইজাৰ ৰিচাৰ্ড টেৰণ আৰু প্ৰশিক্ষক অৱসৰ প্ৰাপ্ত সেনা বিষয়া ধনচিং তেৰাঙৰ তত্বাৱধনাত চলিবলগীয়া কাৰ্বি ছিকিৰিউটি ছাৰ্ভিছত নিবনুৱা যুৱক-যুৱতীসকলক ছিকিউৰিটি, বডি গাৰ্ড, ড্ৰাইভাৰ আৰু হাউছকীপাৰ হিচাপে উপযুক্ত প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি যথাস্থানত নিযুক্তি প্ৰদান কৰা হ’ব লগতে আজিৰ আৰম্ভণিতে ১৫০ গৰাকী যুৱক-যুৱতীয়ে প্ৰশিক্ষণ আৰম্ভ কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷
ইচ্ছুক যুৱক-যুৱতীক এমডিৰ ভ্ৰাম্যভাষ নম্বৰ ৯৩৯০৬৩২৪৩৩ আৰু জেনেৰেল মেনেজাৰৰ ভ্ৰাম্যভাষ নম্বৰ ৬৩০৫৪৩৭৬৩৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে জনাইছে ৷ কাৰবি ছিকিউৰিউটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ দৰে ৰাজ্যৰ আন জিলাসমূহতো এনে সেৱা গঢ়লৈ উঠিলে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে কষ্টকৰ বহিঃৰাজ্যৰ কৰ্মস্পৃশা কমি নিজ ৰাজ্যতে সংস্থাপন পাব পাৰিব ৷












