![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : দেশৰ ৰাজধানী চহৰত উত্তৰ-পূৱৰ যুৱক-যুৱতীসকল প্ৰায়ায়েই নিৰ্যাতনৰ বলি হৈ অহা বিষয়টো বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি কৰা সময়তে পাহাৰীয়া জিলা কাৰবি আংলঙৰ দুই ভাতৃ-ভগ্নীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, দিল্লী বিমান বন্দৰত কৰ্মৰত ৰ’জী চাংমা নামৰ যুৱতীগৰাকীৰ ২৩ জুনৰ নিশা অসুস্থ হৈ পৰাত ৰাজস্থানৰ এটা কল চেণ্টাৰত কৰ্মৰত যৱক চেমুৱেল চাংমাই ৰ’জীক হাৰিয়ানাৰ গুৰুগ্ৰামৰ আলফা কেয়াৰ হেলথ চেণ্টাৰ নামৰ চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি কৰায় ৷ পিছদিনাখন ক্ৰমাৎ সুস্থহৈ পৰা যুৱতীগৰাকীৰ বাবে ভাতৃ চেমুৱেলে বাহিৰলৈ যোৱাৰ পিছত উভতি আহি ৰ’জীক আইচক্ৰীম খাই থকা প্ৰত্যক্ষ কৰি চেমুৱেলে ইয়াৰ প্ৰতিবাদ কৰাৰ লগতে মোবাইলেৰে ৰেকৰ্ডিং কৰিবলৈ লোৱাৰ সময়তে চিকিৎসালয়খনৰ চিকিৎসকে চেমুৱেলক প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ কিছু সময় পিছতে মুখেৰে ফেন ওলাই ৰ’জীৰ মৃত্যু হয় ৷
ইয়াৰ পিছদিনাখন চেমুৱেলৰ হোটেলৰ কোঠাত চীপলৈ থকা অৱস্থাত চেমুৱেল মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হয় ৷ চেমুৱেলৰ মৃতদেহত আঘাতৰ চিন স্পষ্টহৈ থকা বুলি উল্লেখ কৰি দুয়ো ভাতৃ-ভগ্নীক পৰিকল্পিতভাবে হত্যা কৰা হৈছে বুলি উল্লেখ কৰে গাৰ’ ছাত্ৰ সন্থাই ৷ ঘটনাটোত কাৰবি আংলং জিলাতো সমানেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনা পোহৰলৈ অহাৰ লগে লগে বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ দুখন পত্ৰ লিখি বিষয়টো সন্দৰ্ভত সবিস্তাৰে অৱগত কৰে ৷ এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তেহে প্ৰকৃত সত্য পোহৰলৈ আহিব আৰু ইয়াৰ দ্বাৰা ভুক্তভোগীৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ বাবে অনুৰোধ জনায় ৷
আনহাতে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বোকাজান মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰবি আংলং জিলা সমিতিয়ে ৷ সমিতিৰ সভাপতি সম্পাদক ক্ৰমে, জিতু ফুকন আৰু অপূৰ্ব দাস স্বাক্ষৰিত স্মাৰক-পত্ৰখনৰ ৰ’জী চাংমা আৰৱ চেমুৱেল চাংমাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সবিশেষ উল্লেখ কৰি প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপত উচিত তদন্তৰ জৰিয়তে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় ৷













