![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যজুৰি ড্ৰাগছৰ অবাধ সৰবৰাহৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে চোকা দৃষ্টি ৰখাৰ সময়তে চুবুৰীয়া ৰাজ্যসমুহৰপৰা কাৰবি আংলঙৰ মাজেৰে চলা নৈশ বাছসমূহ নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অন্যতম মাধ্যমৰূপে পৰিগণিত হৈছে ৷ মাত্ৰ কিছুদিন পূৰ্বেই জিলাখানৰ ডিলাই আৰক্ষীয়ে এখন নৈশ বাছত অভিযান চলাই বাৰ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিটাকৈ কুখ্যাত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি সততাৰ বাবে এজন হোমগাৰ্ডে ৰাজ্যজুৰি প্ৰশংসাৰ পাত্ৰ হোৱাৰ পিছত বৃহযৃস্পতিবাৰে সন্ধিয়া অসম-নাগালেণ্ড সীমান্তৰ পুৰনা লাহৰিজানত এখন নৈশ বাছত আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ সন্দেহযিক্ত হেৰইনসহ তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন সূত্ৰত লাভ কৰা তথ্যৰ ভিত্তিত ডিলাই থানা অন্তৰ্গত লাহৰিজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জল গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বৃহস্পতিবাৰে সন্ধিয়া লাহৰিজান অঞ্চলত অভিযান চলাই এমএন ০১,-১৮৩৮ নম্বৰৰ এখন নৈশ বাছৰ ডিকিৰ পৰা কোৰিয়াৰ সামগ্ৰী কঢ়িয়াই অনা এটা টোপোলাৰ ভিতৰৰ এটা কাৰ্টুনৰ ভিতৰত লুকুৱাই অনা অৱস্থাত চাৰিটা চাবোনৰ বাকচৰ পৰা চাৰিশ তিনিগ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে বাছখনৰ দুজন চালক ক্ৰমে, মণিপুৰৰ সুৰেশ খান (৩৫) লৌৰেবাম শ্বামু সিঙ (৪৬)আৰু বাছখনৰ কৰ্মচাৰী বিছাবা উদ্দিন (৩২)কে ধৰি তিনিজনক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৷
পৰৱৰ্তী পৰ্যায়ত বাছখনত পুনৰ তালাচী চলোৱাত এটা ইলেক্ট্ৰিক হিটাৰৰ ভিতৰত লুকুৱাই অনা অৱস্থাত ২০ চাবোনৰ বাকছৰ ভিতৰত আৰক্ষীয়ে ২৫৭’২০ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াকৈলৈ নৈশ বাছখনৰ পৰা মুঠ ৬৫৮’১৩ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰা হৈছে ৷ নিষিদ্ধ হেৰেইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মুল্য কমেও চাৰি কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷













