![]()
ছাইদুল ইছলাম
ডিফু : কুখ্যাত ড্ৰাগছ মাফিয়া কানৱাল দ্বীপ সিং সিদ্ধুৰ শুকুৰবাৰে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় ৷ ডিলাই থানাৰ অন্তৰ্গত দলদলী সংৰক্ষিত বনাঞ্চলৰ ৬ মাইলত সংঘটিত হয় উক্ত ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি কালি এখন মটৰ চাইকেলেৰে ডিলাই হৈ ডিমাপুৰলৈ পলাই যোৱাৰ চেষ্টা কৰোতেই ডিলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল কনৱালদ্বীপ সিঙ ৷ কনৱালদ্বীপ সিঙে নিজকে আৰক্ষীৰ চকুত ধুলি দিবলৈ শিখ নিয়মক জলাঞ্জলী দি দাঢ়ি চুলি কাটি পলাবলৈ চেষ্টা কৰিছিল ৷
গ্ৰেপ্তাৰৰ পিছত ডিলাই আৰক্ষীয়ে কনৱালদ্বীপ সিঙক এএছ ০১ ইজে ৬৯৮৩ নম্বৰৰ এখন বগা ৰঙৰ বলেৰ’ গাড়ীৰে নিৰাপত্তাৰক্ষীসহ ডিফু হৈ গুৱাহাটীলৈ লৈ যোৱাৰ সময়তে কনৱালদ্বীপ সিঙে এগৰাকী সহকাৰী উপ-পৰিদৰ্শকৰ ছাৰ্ভিছ পিষ্টল কাঢ়িলৈ পলায়নৰ চেষ্টা কৰে ৷ আৰক্ষীয়ে উপায়হীনহৈ কনৱালদ্বীপ সিঙলৈ লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়, ফলত গুৰুতৰভাবে কনৱালদ্বীপ সিং আহত হৈ ডিলাই উপস্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয় ৷
উল্লেখযোগ্য যে, কনৱালদ্বীপ সিঙ সিদ্ধু ৰে’লৱে আৰক্ষীত কৰ্মৰত আছিল লগতে ড্ৰাগছ সৰবৰাহত জড়িত আছিল ৷ পূৰ্বে অবৈধ অস্ত্ৰ ৰখাৰ অপৰাধত কনৱালদ্বীপ সিঙক গুৱাহাটীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে চাকৰিৰ পৰা বৰ্খাস্থ হৈছিল বুলি জানিব পৰা গৈছে ৷ শেহতীয়াকৈ কনৱালদ্বীপ সিঙ সিদ্ধু অজিত দাসৰ অপহৰণ কাণ্ডত জড়িত আছিল বুলি জানিব পৰা গৈছে ৷












