![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যত চলি থকা একাংশ ট্ৰাক চালক আৰু হেণ্ডিমেনৰ দৌৰাত্ম্যৰ বাবে সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা ৷ সোমবাৰে তেনে এগৰাকী ট্ৰাক হেণ্ডিমেনৰ চূড়ান্ত গাফিলতিৰ বাবে অকাল আৰু কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় কাৰবি আংলং জিলাৰ পাৰখোৱাৰ এগৰাকী নিৰীহ কৃষকে ৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি দুপৰীয়াৰ ভাগত পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছফালে এখন পথাৰত কৃষি কৰ্মত ব্যস্ত থকা এটা দলে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ লগতে ক্ষন্তেক জিৰণি লৈ আছিল ৷
উক্ত সময়তে এছ ০১ জিচি ৮২৯১ নম্বৰৰ দহ চকীয়া ট্ৰাক এখনো উক্ত স্থানত ৰখাই থোৱা আছিল ৷ ট্ৰাকখনৰ চালকজন কিছু সময়ৰ বাবে পাৰখোৱা বজাৰৰ ফালে ওলাই যোৱাৰ পিছত ট্ৰাকখনৰ হেণ্ডিমেনজনজনে ট্ৰাকখন চলোৱাৰ চেষ্টা কৰে যদিও ট্ৰাকখনে জিৰণি লৈ থকা কৃষকৰ দলটোক মহটিয়াই নিয়ে ফলত ঘটনাস্থলীতে পাৰখোৱা এৰদাং গাঁৱৰ নিৱাসী লৰচিং মিলিক(৩৭) নামৰ লোক থিতাতে নিহত হয় ৷ বাকী কেইজনে কোনোমতে আত্মৰক্ষা কৰিবলৈ সক্ষম হয় ৷
দুৰ্ঘটনাটোত আৰু দুজন লোক আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে বুলিও জানিব পৰা গৈছে ৷ ঘটনাৰ সম্ভেদ লাভ কৰি পাৰখোৱা টহলদাৰী চকীৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা হেণ্ডিমেন আৰু দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে নিহত লৰচিং মিলিকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷













