![]()
ছাইদুল ইছলাম
ডিফু : আদালতত বিচৰাধীন কেতবোৰ গোছৰৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ন্যায় সেৱা প্ৰাধিকৰণৰ অধীনত অহা ১০ জুলাইত সৰ্বভাৰতীয় পৰ্যায়ত লোক আদালতৰ আয়োজন কৰা হৈছে ৷ সমগ্ৰ দেশখনৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো উক্ত দিনটোত লোক আদালতৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে ৷
উল্লেখযোগ্য যে, সম্পূৰ্ণ ক’ভিজকালীন পৰিস্থিতিৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে গুগল মীটৰ সহায়ত লোক আদালত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ কাৰবি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদে আজি সংবাদ মাধ্যমক এই সন্দৰ্ভত জানিবলৈ দি কয় যে, যিসকল লোকে ইতিমধ্যে এই সন্দৰ্ভত জাননী লাভ কৰিছে এই সকলো লোকক নিজ নিজ অধিবক্তাৰ সৈতে যোগাযোগ কৰি অন লাইনযোগ লোক আদালতত অংশগ্ৰহণ সম্পৰ্কে জানি ল’বলৈ আহ্বান জনোৱা হৈছে ৷
আনহাতে যি সকল লোকৰ কোনো অধিবক্তা নাই তেনে লোকক ৯৫০৮৫৫২২৮৯৮ অথবা ৭০০২৮১৪১২২১ নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হৈছে ৷ আনহাতে এপিডিচিএল, জিলা দণ্ডাধীশ, নগৰ সমিতি, বেঙ্ক আদি প্ৰতিষ্ঠানৰ পৰা জাননী লাভ কৰিলে তেনে লোকসকলে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰিব লাগিব ৷ লোক আদালতত অংশ লোৱা সকলে নিজৰ পৰিচয়-পত্ৰ জমা দিব লাগিব ৷












