![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা নিশা ডিমা হাচাও জিলাৰ হাফলঙৰ মহাদেৱ টিলাত আৰক্ষীয়ে অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি যোৱানিশা প্ৰায় দহ বজাত আৰক্ষীয়ে এটা ভাড়াঘৰৰ পৰা ৬.৬১ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে মইনুল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰীগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত মইনুলে মহাদেৱ টিলাত দীৰ্ঘদিন ধৰি ভাড়াতীয়া হিচাপে থাকি ড্ৰাগছৰ অবৈধ ব্যৱসায় অব্যাহত ৰখা বুলি জানিব পৰা গৈছে । অভিযানকাৰী দলটোৱে লগতে ২৫টা খালী প্লাষ্টিকৰ কন্টেইনাৰো জব্দ কৰে ।













