![]()
ছাইদুল ইছলাম
ডিফু : কোৰোণাৰ সংহাৰৰ ফলত সৃষ্টি সংকটে অৰ্থনৈতিক ক্ষেত্ৰখনত ব্যাপক হাৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সমানুপাতিকভাবে সাধাৰণভাৱে শ্ৰম কৰি জীৱিকা-নিৰ্বাহ কৰা লোকসকলৰ জীৱন দুৰ্বিসহ কৰি তোলা পৰিলক্ষিত হৈছে ৷ কোভিড সৃষ্টি পৰিস্থিতিৰ বাবে এফালে কৰ্মজীৱন বাধাগ্ৰস্থ হোৱাৰ বিপৰীতে অন্য কোনো জটিল ৰোগত আক্ৰান্ত হোৱা এনে লোকৰ বাবে প্ৰয়োজনীয় সময়ত উপসুক্ত চিকিৎসা লাভ কৰাটোও এক বৃহৎ প্ৰত্যাহ্বানত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে ৷ কাৰবি আংলং জিলাৰ বকলীয়াঘ ২নং উদালী গাঁৱতো শেহতীয়াকৈ এগৰাকী দিন মজুৰি কৰা শ্ৰমিক জটিল ৰোগত আক্ৰান্তহৈ সাম্প্ৰতিক পৰিস্থিতিৰ ধামমুখীত সম্পৰ্তি চিকিৎসাবিহীনভাবে দিন পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি বকলীয়াঘাট ২নং উদালী গাঁৱৰ বাসিন্দা ধন বৰা নামৰ লোকজন কিছুদিন পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত হয় ৷ দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ জীৱনলৈ অকস্মাতে নামি অহা এনে অমানিশাই পৰিয়ালটোক দিশ হাৰা কৰি তুলিছে ৷শ্ৰমিকজনৰ চিকিৎসাৰ নামত পৰিয়ালটোৱে ঘৰৰ গৰু, ছাগলী, লাম-লাকটু বিক্ৰি কৰি সৰ্বসান্ত হোৱাৰ লগতে বকলীয়াঘাট নগৰ এলেকাত থকা ঘৰৰ একঠা মাটিৰ আধা বিক্ৰি কৰি ধন বৰাৰ চিকিৎসা কৰোৱায় ৷ সকলো বিক্ৰি কৰি পৰিয়ালটোৱে সৰ্বস্বান্ত হৈ বৰ্তমান পৰিয়ালটো উপায়ন্তৰহৈ পৰিছে ৷ বিশেষকৈ কোভিডকালীন বিশেষ বাধা নিষেধৰ বাবে চিকিৎসাৰ বাবে ৰোগীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াটোও এক ব্যয়বহুল প্ৰক্ৰিয়াত পৰিণত হৈছে ৷
ফলস্বৰূপে শ্ৰমিকজনৰ চিকিৎসাৰ অভাৱত চৰম অনিশ্চয়তাত ভুগিবলগীয়া হৈছে ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ধন বৰাই চিকিৎসা পালে সুস্থহৈ উঠাৰ সম্ভাৱনা আছে যদিও চিকিৎসা ব্যয়ৰ বাবে ই অসম্ভৱ হৈ পৰিছে ৷ সেয়েহে শ্ৰমিকজনৰ পৰিয়ালৰ লোকে ৰাইজৰ ওচৰত অতি কাতৰ বাবে সামান্য সহায় আৰু অনুকম্পা কামনা কৰিছে ৷ শ্ৰমিকগৰাকীক আৰ্থিক সহায়ৰ বাবে ধন বৰাৰ পৰিয়ালৰ লোকে তেওঁৰ পত্নীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট নম্বৰ ৭৪১৯০ ১০০৭৫৭৬৬, (আইএফচি, পিইউএনবিঅ’আৰবিএজিবি) নম্বৰৰ একাউণ্টত সাহায্যৰ ধন জমা দিবলৈ আহ্বান জনাইছে ৷ পৰিয়ালটোৰ যোগাযোগৰ নম্বৰ ৮৮১২৯৮৪১৫৫ ৷













