![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংছলিয়েট আৰু বৰলাংফেৰত কৃষকসকলৰ মাজত তামোলৰ পুলি বিতৰণ কৰা হয় ৷ এই উদ্দেশ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অমৰচিং তিচ’ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পুলিসমূহ বিতৰণ কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহীগৰাকীয়ে সকলোকে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰি কোৰোণাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আহ্বান জনায় ৷ সভাত ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আনহাতে বকলীয়াঘাটস্থিত কৃষিবিভাগৰ কাৰ্যালয়ত কৃষি বীমাকৰণ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ বীমা কোম্পানীৰ প্ৰতিনিধিৰ উপস্থিতিতবিভাগটোৰ বকলীয়াঘাট কৃষি চক্ৰৰ কৃষি উন্নয়ণ বিষয়া মন্টু শইকীয়াই উপস্থিত কৃষকসকলৰ মাজত আঁচনি সন্দৰ্ভ বিস্তৃত বাখ্যা দাঙি ধৰে ৷ বকলীয়া কৃষি চক্ৰৰ অন্তৰ্গত এলেকাৰ ভালে সংখ্যক কৃষক উক্ত সভাত উপস্থিত থাকে ৷ এলেকাটোৰ কৃষি বিভাগৰ বীমা কৰণৰ কাম দুই এদিনতে আৰম্ভ কৰা হ’ব বুলি কৃষি বিষয়াগৰাকীয়ে জানিবলৈ দিছে ৷













