![]()
ছাইদুল ইছলাম
ডিফু : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন সদস্য ৰবিনচন ক্ৰ’ৰ যোৱা নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ। আঞ্চলিকতাবাদী আন্দোলনৰ অন্যতম আপোচবিহীন নেতা হিচাপে পৰিচিত ৰবীনচন ক্রই লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা দুবাৰকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ নির্বাচিত হৈছিল। যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা নেতাগৰাকীয়ে ডিমাপুৰৰ ৰেফাৰেল চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা নিশা প্রায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ এগৰাকী বিশিষ্ট সমাজসেৱক হিচাপেও সুকীয়া পৰিচয় থকা ক্র’ৱে ডিফু নগৰৰ যিকোনো লোকৰে বিপদৰ সময়ত আৰ্তজনৰ কাষত ঠিয় দি সহায়ৰ হাত আগবঢ়াইছিল। যাৰবাবে নগৰখনৰ জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলোৱে নেতাগৰাকীক ৰাইজৰ বন্ধু হিচাপে আখ্যা দিছিল।
আঞ্চলিকতাবাদী শিৱিৰৰ অন্যতম ধ্বজাবাহন ৰবীনচন ক্ৰৱে দলৰ অতি সংকটৰ সময়তো ৰাজনীতিগত আদৰ্শত কোনো ধৰণৰ আপোচ নকৰি আমৃত্যু আঞ্চলিকতাবাদী ৰাজনীতিৰ প্রতি বিশ্বাস আৰু নিষ্ঠা অটুট ৰাখিছিল। আজি পুৱাৰ ভাগতে জনপ্রিয় নেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র জিলাখনতে গভীৰ শোকৰ ছাঁ পৰে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদেও আজি প্রয়াত নেতাগৰাকীলৈ সন্মান জনাই পৰিষদৰ কার্যালয় অৰ্ধছুটী ঘোষণা কৰে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে তেখেতৰ বাসগৃহত উপস্থিত হৈ প্রয়াত নেতাগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে। ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, হাওৰাঘাটৰ বিধায়ক ছিং ৰংহাঙৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্যয়ো প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধা জনায়।
আনহাতে, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনেও নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক
প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও এএছডিচি, চিপিআই (এমএল), ডিফু ক্লাৱ, কাৰ্বি আংলং জিলা সাহিত্য সভা, কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে ৰবীনচন ক্র’ৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্র-কন্যাকে ধৰি অলেখ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।













