![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিজেপিয়ে দলৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে ডিফুৰ জয়ছিং দলৈ সোঁৱৰণী প্ৰেক্ষাগৃহত পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি দলৰ সাংগঠনিক শক্তিৰ ওপৰত আলোচনা অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা, ৰাজ্যিক মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটা, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’কে আদি কৰি বহুকেইজন শীৰ্ষ নেতাই অংশগ্ৰহণ কৰা এই সভাতে জিলা কংগ্ৰেছৰ সদ্য পদত্যাগী সভানেত্ৰী ৰীণা বে’পীৰ উপৰি বিৰোধী শিবিৰৰ শতাধিক লোকে বিজেপিত যোগদান কৰে।
এই সভাতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কাৰ্যসূচীক ৰাইজৰ কাষ চপাই নিয়া, কোভিড পৰিস্থিতি সন্দৰ্ভতো আলোচনা সম্পন্ন হয়। এই সভাৰ পৰাই মোডী মন্ত্ৰী সভাত উত্তৰ-পূবৰ ৫গৰাকীক স্থান দিয়াত প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে, পাহাৰীয়া জিলাখনত বিৰোধী শূন্য যদিও গণতন্ত্ৰত বিজেপিয়ে নিজকে আত্ম সমালোচনা কৰি নিৰ্বাচনত অগ্ৰসৰ হ’ব ৷ পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে আজি ডিফুত অনুষ্ঠিত পূব কাৰবি আংলং বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত বিশেষ আলোচনা হয় ৷
ইয়াৰোপৰি বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বিজেপিৰ সকলো স্তৰৰ কৰ্মীৰ জৰিয়তে ভেকচিনেছন প্ৰক্ৰিয়াৰ ওপৰত সজাগতা বৃদ্ধি কৰা হ’ব বুলি কয় ৷ আজিৰ সভাত বিজেপিত যোগদান কৰি গেৰুৱা বসন পিন্ধা জিলা মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ৰীণা বে’পীয়ে কয় যে, তুলিৰাম ৰংহাঙৰ নেতৃত্বত বিজেপিয়ে জিলাখনলৈ অনা পৰিৱৰ্তন আৰু উন্নয়ণৰ প্ৰতি আকৃষ্ট হৈয়েই তেওঁ বিজেপি দলত যোগদান কৰিছে ৷












