ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফু-দলদলীৰ গড়কাপ্তানি পথত ৰাইজৰ শ্ৰম দান, অধিকাংশই কেঁচা

ৱাৰ্ড কমিচনাৰ ছিমন ফাংছে নিজ খৰচত এক্সকেভেটেৰে সহায়

News Desk by News Desk
July 10, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

ছাইদুল ইছলাম

ডিফু : তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসিত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত পাহাৰীয়া জিলা দুখন ক্ৰমে, কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি বিশেষ চৰ্চাৰ বিষয় হৈ থকাৰ সময়তে জিলাখনৰ চহৰ সদৰ চহৰ ডিফুৰ নিকটৱৰ্তী ডিফুৰ মাটিপুং সংযোগী ডিফু-দলদলী পথৰ শোচনীয় অৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিছে ৷ শনিবাৰে স্থানীয় ৰাইজে প্ৰায় ২৫খন জনবসতিপূৰ্ণ গাঁৱৰে আগুৰা ডিফু-দলদলীৰ ঝুম কণ্ট্ৰ’ল পথৰ প্ৰায় ১০ কিল’মিটাৰ যোৰা পথ শ্ৰমদানেৰ মেৰামতি কৰি ৰাইজৰ যাতায়তৰ বাবে সুচল কৰি তোলা পৰিলক্ষিত হৈছে ৷

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ধনশিৰি পৰিষদীয় সমষ্টীৰ অন্তৰ্গত গড়কাপ্তানি পথটোৰ অধিকাংশই কেঁচা ৷ বাৰিষা কালত পথছোৱা বোকাময় হৈ পৰাৰ লগতে অত্যাধিক পিছল আৰু সৰু-বৰ গাঁতৰ সৃষ্টি যান-বাহন চলাচল আৰু পথচাৰীয়ে দীৰ্ঘ দিনৰ পৰা যমৰ যাতনা ভুগি আহিছে ৷ আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত স্থানীয় এগৰাকী সমাজ কৰ্মীয়ে কয় যে বিগতে ৪০ বছৰৰো ওপৰৰ কাল এএছডিচি, কংগ্ৰেছ আৰু শেহতীয়াকৈ ৫ বছৰ কাল বিজেপিয়ে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদত শাসন কৰি গ’ল যদিও ডিফু-দলদলীৰ ঝুম কণ্ট্ৰ’ল পথ এলাগী হৈ পৰি ৰ’ল ৷ চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নাপালে উক্ত পথৰ নামত ৷ স্থানীয় জনপ্ৰতিনিধি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম প্ৰদীপ ডিফুচাৰ ওচৰত পথছোৱা নিৰ্মাণৰ বাবে আবেদন কৰিও সুফল পোৱা নাই ৷ ইএম গৰাকীয়ে সমষ্টিটোৰ উক্ত এলেকাবাসীক গুৰুত্বহীন কৰাকলৈ আক্ষেপ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে উক্ত পথছোৱাৰ বাবে স্থানীয় ৰাইজে গড়কাপ্তানি বিভাগত বাৰম্বাৰ অনুনয়-বিনয় কৰি পথছোৱা মেৰামতি কৰাৰ লগতে পথছোৱাৰ দুয়োকাষে থকা হাবি-বনবোৰ পৰিষ্কাৰ কৰিবলৈ কাতৰ অনুৰোধ জনাইয়ো একো লাভ নহ’ল বুলি ক্ষোভ উজাৰে স্থানীয় ৰাইজে ৷ অৱশেষত বাৰিষা কালত ৰোগীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজ উপায়হীন হৈ ডিফু পৌৰ নিগমৰ ১৩নং ৱাৰ্ড কমিচনাৰ ছিমন ফাংছক তৎকালীন বাবে কিবা ব্যৱস্থা ল’বলৈ অনুৰোধ জনোৱাত ৱাৰ্ড কমিচনাৰ গৰাকীয়ে লগে লগে সঁহাৰি জনাই পথ মেৰামতিৰ বাবে নিজ খৰছত এক্সকেভেটৰৰ সহায়ত পথছোৱা দুয়োকাষে হাবি বনবোৰ চাফা কৰাৰ লগতে পথছোৱা সমান কৰি ৰাবিছ পাৰি দিয়াৰ ব্যৱস্থা কৰে ৷ উক্ত কামত এলেকাটোৰ স্থানীয় ৰাইজে স্বেচ্ছাই সহযোগিতা কৰিবলৈ আগবাঢ়ি আহে ৷

ইয়াৰোপৰি সমাজ কৰ্মীগৰাকীয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনলৈ উন্নয়ণৰ জৰিয়তে কৰা পৰিৱৰ্তনৰ প্ৰশংসা কৰাৰ লগতে মুখ কাৰ্যবাহী সদস্য গৰাকীক উক্ত পথছোৱাৰ বাবে বিহীত ব্যৱস্থা লোৱাৰ বাবে অনুৰোধ জনায় ৷

Tags: Featured
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx