![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙত উগ্ৰপন্থীৰ নিজৰ মাজতেই প্ৰচণ্ড গুলিয়াগুলীত নিহত হয় স্বয়ম্ভু সেনাধ্যক্ষ বীৰাপ্পান ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱতি নিশা পাহাৰত নিজ উগ্ৰপন্থীৰ গোটৰ সদস্যৰ গুলিতেই নিহত UPRFৰ স্বয়ম্ভু মুখ্য সেনাধ্যক্ষ মানগীন খলহও ওৰফে বিৰাপ্পান। কাৰ্বি আংলঙৰ বোকাজানৰ দুৰ্গম অঞ্চল খেঙপিবুং অঞ্চলত সংঘটিত হৈছিল এই ঘটনা। মৃতদেহ উদ্ধাৰ কৰি বৰ্তমান বোকাজান সমূহীয়া চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ডিফুলৈ নিয়া হৈছে ।
উল্লেখযোগ্য যে, যোৱা বছৰ আগষ্ট মাহত বোকাজান মহকুমাৰ টকৌ লাংছত নিজৰ শক্তি প্ৰদৰ্শন কৰি পৰ্যটকৰ সৈতে ইউপিআৰএফৰ মুখ্য সেনাধ্যক্ষ মাৰ্টিন গুইটে মৰণাস্ত্ৰৰ সৈতে ছেলফি উঠিছিল ৷ ইয়াৰ পিছত জিলাখনৰ আইন শৃংখলা ব্যৱস্থাকলৈ নানা প্ৰশ্নৰ অৱতাড়ণা হোৱাৰ লগতে জনসাধাৰণৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ উক্ত ঘটনাৰ দুমাহৰ পিছতে যোৱা বৰ্ষৰ ৫ অক্টোবৰত কাৰবি আংলং জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে এক গোপন সূত্ৰৰ পমখেদি সিঙহাসন পাহাৰৰ জলিয়াঙত অভিযান চলাওঁতে ইউপিআৰএফ সহস্ৰ সংগঠনৰ সৈতে প্ৰচণ্ড গুলীয়াগুলী হয় আৰু উক্ত ঘটনাত স্বয়ম্ভু মুখ্য সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত হয় ৷
যোৱা ২২ জানুৱাৰীত কাৰবি আংলং জিলা আৰক্ষী নাহিদ কৰিশ্মাৰ নেতৃত্বত বোকাজানৰ এছডিপিঅ’ জন দাসৰ লগতে উপ-পৰিদৰ্শকদ্বয় জিতুমনি ডেকা আৰু মৌবলিক ব্ৰক্ষ্মৰ লগতে ২০ বিএন চিআৰপিএফআৰু বেটেলিয়নৰ যৌথ অভিযান চলাই মাঞ্জা থানা এলেকাৰ পি তাইজল নামৰ এলেকাৰ পৰা ইউপিআৰএফৰ তিনি দূৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ তিনিটাক আটক কৰিবলৈ সক্ষম হৈছিল ৷












