![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ ঘাটি হিচাপে পৰিগণিত হৈ অহা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ গাতে লাগি থকা বোকাজানত বিগত কেইটামান দিনত আৰক্ষীয়ে গাড়ীচোৰ চক্ৰৰ বিৰুদ্ধে এলানি সফল অভিযান চলাই বহিঃৰাজ্যৰ পৰা চুৰি কৰি অনা তিনিখনকৈ বিলাসী বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে গাড়ীচোৰ চক্ৰৰ দুটাকৈ দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখযোগ্য যে দেশৰ ৰাজধানী চহৰ দিল্লীৰ পৰা চুৰ কৰি অনা বাহনকেইখন ভুৱা নম্বৰপ্লেট ব্যৱহাৰ কৰি অসমৰ মাজেৰে পাৰ কৰি নিয়াৰ চেষ্টা চলোৱাৰ সময়তে কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰু খটখটী থানাৰ আৰক্ষীয়ে তৎপৰতাৰে বাহনকেইখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে ডি এল-২-চি এএক্স-৯০৭০ নম্বৰৰ টয়টা ফৰচুনাৰ বাহনখন গাড়ীচোৰ চক্ৰই এএছ-০১-ডিইউ-০০৯৩ নম্বৰৰ ভুৱা নম্বৰপ্লেট ব্যৱহাৰ কৰি সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ সময়তে খটখটীত আৰক্ষীয়ে বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। দিল্লীৰ পৰা মণিপুৰলৈ নি থকা অৱস্থাতে আৰক্ষীয়ে বিলাসী বাহনখন জব্দ কৰে ।

ইয়াৰ পূৰ্বে দিল্লীৰ পৰা চুৰি কৰি অনা দুখন বিলাসী বাহন বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে ডিএল-৮চি-বিবি-৯৩৮৯ নম্বৰৰ মাৰুতী বেলেন’ বাহনখন এএছ-০১-ডিএইচ-৭৯৭৭ নম্বৰৰ ভুৱা পঞ্জীয়ন তথা ডিএল-৬চি-এছ-৫৫৯৯ নম্বৰৰ মাৰুতী ব্ৰেজা বাহনখন এএছ-১১-কিউ-৮৬২০ নম্বৰৰ ভুৱা পঞ্জীয়ন ব্যৱহাৰ কৰি সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰৰ দুই দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত গাড়ীচোৰ দুটা ক্ৰমে মণিপুৰৰ থাউবেল জিলাৰ খংজম থানাৰ অন্তৰ্গত টেকচাম মামাং লেইকেই নিবাসী সূৰজ সিং আৰু মণিপুৰ ইম্ফলৰ এৰিংবাং নিবাসী মঃ আমু খান বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰ হোৱা তিনিওখন বাহন সন্দৰ্ভত দিল্লীত ইতিমধ্যে গোচৰ ৰুজু হৈ থকা বুলি জানিব পৰা গৈছে ।













