নিউজ ডেস্কঃ
১৬ জুলাইত এমাজন প্রাইমত মুক্তিৰ পূৰ্বে বিতর্কত সোমা ইপৰিল ‘তুফান’। ৰাকেশ ওম প্রকাশ মেহৰা পৰিচালিত ‘স্পর্টছ ড্রামা’ ছবিখনত মুখ্য চৰিত্রত অভিনয় কৰিছে ফাৰহান আখতাৰ আৰু মৃনাল ঠাকুৰে। নেটিজেনসকলৰ একাংশৰ অভিযোগ, ছবিখনত ইছলাম ধর্মাৱলম্বী আজিজৰ (ফাৰহানৰ চৰিত্র) সৈতে হিন্দু ধর্মৰ অনন্যাৰ (ম্রুনালৰ চৰিত্র) প্রেমৰ সম্পর্ক দেখুৱাই ‘লাভ জেহাদ’ক উচটনি দিয়া হৈছে। সেয়ে মুক্তিৰ প্ৰাকক্ষণত ইণ্টাৰনেট মাধ্যমত ‘তুফান’ক বয়কটৰ আহ্বান জনোৱা হৈছে।
এই বিতর্কৰ ফলতেই ‘টীম তুফান’ অর্থাৎ ৰাকেশ, ফাৰহান আৰু ম্রুনালে কলকাতাত সাংবাদিকসকলৰ সৈতে চাহমেল অনুষ্ঠিত কৰে। ৩০ মিনিটৰ বেছি সময় ধৰি চলা আলোচনাত অৱশ্যে ছবিখনৰ তাৰকাসকলৰ কোনোৱে ‘লাভ জেহাদ’ বিতর্কৰ প্রসঙ্গ উত্থাপন নকৰিলে।
আনহাতে, ‘তুফান’ প্ৰসংগত টুইটত অসন্তুষ্টি প্রকাশ কৰিছে নেটিজেনসকলৰ একাংশই। বহুতেই ছবিখনক হিন্দু সংস্কৃতিৰ পৰিপন্থী আখ্যা দিছে। একাধিক টুইটত ফাৰহান আৰু পৰিচালকজনৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে তেওঁলোকে। আৰু এতিয়া ট্ৰলিঙত আছে #BoycotToofaan৷.