ASSAM TIMES POST
গুৱাহাটীঃ এনইচি আৰু নেডাৰ বৈঠকত ভাগ ল’বলৈ গুৱাহাটীলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ সম্পৰ্কত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মঙলবাৰে কয় যে কেব আহিলে এনআৰচি মূল্যহীন হ’ব।
উল্লেখ্য যে সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ সমাৰোহতে অমিত শ্বাহে কেব গৃহীত কৰা হ’ব বুলি বক্তব্য প্ৰদান কৰিছিল।
বিপৰীতে ক্ষমতাৰ লোভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ইয়াত কেব সম্পৰ্কত সমৰ্থন কৰি গ’ল বুলি তেওঁ কয়। অমিত শ্বাহৰ সম্মুখতে বিধেয়কখনক বিৰোধিতা কৰাৰ বাবে তৰুণ গগৈয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক ধন্যবাদ জনায়।
বিপৰীতে এই সম্পৰ্কত মনে মনে থকাৰ বাবে নেডাৰ অংশীদাৰ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাক গগৈয়ে বদন আখ্যা দিয়ে।













