ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যৰ নৱপ্ৰজন্মৰ অন্যতম জনপ্ৰিয় কবি ৰুনাল্ডো টাইদ । কবিতাক সমাজ পৰিৱৰ্তনৰ অন্যতম এক শক্তিশালী আহিলা হিচাপে গ্ৰহণ কৰা কবিতাৰ পথাৰৰ অক্লান্ত সৈনিক গোলাঘাটৰ কবি ৰুনাল্ডো টাইদলৈ দৰং জিলাৰ চিপাঝাৰৰ সমলয় গোষ্ঠীৰ পৰা আগবঢ়োৱা হৈছে “কাব্য প্ৰাণ” বঁটা।

অন্যতম অগ্ৰণী সমাজ, সাহিত্য, সাংস্কৃতিক অনুষ্ঠান “সমলয় অসম ” আৰু “নেপথ্য” গোষ্ঠীৰ দ্বাৰা চিপাঝাৰত প্ৰথমবাৰৰ বাবে আয়োজিত কৰা হয় “কবিতাৰ মহামেল” । অসমৰ প্ৰতিষ্ঠিত কবি, সাহিত্যক , সাংবাদিক সকলৰ উপস্থিতি আয়োজিত “কবিতাৰ মহামেল” শীৰ্ষক এক বৃহৎ কবিতাৰ অনুষ্ঠানত যোৱা দেওবাৰে প্ৰদান কৰা হয়।
এই বঁটাৰ লগত আছে নগদ পাঁচ হেজাৰ টকা, ট্ৰফী, মানপত্ৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু জাপি।
কবি ৰুনাল্ডো টাইদৰ এই প্রাপ্তিত বিভিন্ন দল, সংগঠন আৰু ব্যক্তিয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।













