ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বৰাক-ব্ৰহ্মপুত্ৰৰ সম্বনয় বাৰ্তাৰে কৰিমগঞ্জৰ আদৰকোনাত চুতীয়া ছাত্ৰ সন্থাৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

ASSAM TIMES POST by ASSAM TIMES POST
September 10, 2019
Reading Time: 1 min read
A A
0
বৰাক-ব্ৰহ্মপুত্ৰৰ সম্বনয় বাৰ্তাৰে কৰিমগঞ্জৰ আদৰকোনাত চুতীয়া ছাত্ৰ সন্থাৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

ezgif 4 d314b1d22ab8 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

বৰাক উপত্যকাত বসবাস কৰা অসমীয়াক জীয়াই ৰাখিবলৈ শিক্ষা-চাকৰি ক্ষেত্ৰত পৃথকে সংৰক্ষণ ব্যৱস্থা কৰা আহ্বান

উৎপল দাসঃ “বৰাক উপত্যকাত থকা অসমীয়া ৰাইজে নিজেৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছে।কিন্তু নিজৰ ভাষা আৰু  শিক্ষাৰ ক্ষেত্ৰত বৰাক উপত্যকাত থকা  অসমীয়া  মাধ্যমৰৰ বিদ্যালয়ৰত শিক্ষক নাই আৰু যি কেইজন আছে তেওঁলোক বাংলা মাধ্যমত পঢ়ি অহা।তেনে ক্ষেত্ৰত কিদৰে নিজৰ ভাষা জীয়াই ৰাখিব তেওঁ লোকে।

আমি এই মঞ্চ পৰাই চৰকাৰক অতিশীঘ্ৰে বৰাক উপত্যকাৰ প্ৰতিখন গাঁওত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰি শিক্ষক নিযুক্তি দিয়ক আৰু লগতে বৰাক উপত্যকাত বসবাস কৰা অসমীয়াক জীয়াই ৰাখিবলৈ শিক্ষা-চাকৰি ক্ষেত্ৰত পৃথকে সংৰক্ষণ ব্যৱস্থা কৰক-এই মন্তব্য সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা।

অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠী একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসে বৰাক- ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত এক সম্বনয় বাৰ্তা কঢ়িয়াই আনিছে আৰু এই অনুষ্ঠানৰ মজাতে সম্পাদক গৰাকীয়ে এই দৰে মন্তব্য কৰে।বৰাক উপত্যকাৰ কৰিমগঞ্জৰ জিলা আদৰকোনা প্ৰাথমিক চিকিৎসালয় খেলপথাৰত তথা ৰত্নধ্বজ পাল সম্বনয় ক্ষেত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই প্ৰতিষ্ঠা দিৱসত বৰাক- ব্ৰহ্মপুত্ৰৰ উপত্যকা জনসাধাৰণৰ মাজত বিভিন্ন কৃষ্টি-সংস্কৃতিয়ে জিলিকি উঠিছে কৰিমগঞ্জ জিলা।

0fb86bf6 54ac 4b0d 9a15 b0c3a2fa4acd | ASSAM TIMES POST

যোৱা ৯ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়া বনাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হোৱা এই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনটো অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি উপেন্দ্ৰ চুতীয়াই মুল তোৰণ মুকলি কৰা পাছতে কৰিমগঞ্জৰ বিশিষ্ট সমাজকৰ্মী ম:মুজিবুৰ ৰহমানে  প্ৰতিষ্ঠা দিৱসৰ শিবৰ মুকলি কৰে।সন্ধিয়া স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ পাছতে প্ৰথম দিনা কাৰ্যসূচী সামৰণি পৰে।সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াই সন্থাৰ পতাকা উত্তোলনে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছতে স্মৃতি তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই।

পতাকা উত্তোলনস্থলিৰ পৰা ৰাইজক সম্বোধন কৰি সন্থাৰ সভাপতি শইকীয়াই জন্মলগ্নৰে পৰা চুতীয়া ছাত্ৰ সন্থাই জাতিৰটোৰ সামগ্ৰীক উন্নয়নৰ লগতে সমগ্ৰ অসমৰ উন্নতি বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰে।ভাষনৰ মাজতে সভাপতি গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে আজি তাৰিখত সমগ্ৰ অসমীয়া জাতিলৈ সব্বোচ ত্যাগ কৰা চুতীয়া জাতিটোক আজিৰ তাৰিখতো মাহীআই চকুৰে চাই অহা বুলি উল্লেখ কৰি আজিৰ বিশ্বায়নৰ যুগতো চুতীয়া ৰজাশাসনৰ পৌৰাণিক কীৰ্তিচিহ্ন – কৃষ্টি-সংস্কৃতি সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে কোনো এখন চৰকাৰে গুৰুত্বসহকাৰে দায়িত্ব নললে বুলি উল্লেখ কৰে।

স্মৃতি তৰ্পণ কাৰ্যসূচী শুভৰাম্ভ কৰি সম্পাদক মহেন বৰাই এই অনুষ্ঠানৰ জৰিয়তে বৰাক- ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনগোষ্ঠীটোৰ ৰাইজৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠা বুলি উল্লেখ এই প্ৰতিষ্ঠা দিৱসে জনগোষ্ঠীটোৰ লগতে অসমীয়া জাতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে।

ইয়াৰ পাছতে প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হোৱা অসমীয়া নাৰীৰ প্ৰতিক বীৰাঙ্গানা সাধনীৰ প্ৰতিচ্ছবিত মাল্যাঅৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি সন্থাৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি প্ৰাঞ্জল শইকীয়াই সাধনী কেৱল চুতীয়াসকলৰে নহয় সমগ্ৰ বিশ্বৰ নাৰীৰ এক আদৰ্শ।

যি গৰাকী নাৰীয়ে নিজ ৰাজ্যৰ প্ৰতীক আৰু নিজৰ সত্বীত্বক শত্ৰুপক্ষ হাতত অৰ্পণ নকৰি এক কঠোৰ সিদ্ধান্তৰ জৰিয়তে ভূমিপুত্ৰ অসমীয়া নাৰীৰ মৰ্য্যদা অক্ষুণ্ণ ৰাখিছিল বুলি উল্লেখ কৰে।ইয়াৰ পাছতে জাতীয় শ্বহীদ লীলাকান্ত দেউৰীৰ প্ৰতিচ্ছবিত মাল্যাঅৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে সন্থাৰ উপদেষ্টা বিপুল চুতীয়াই।

এই অনুষ্ঠানৰ পাছতে আদৰকোনা প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক উৎপল মাহাতিয়ে গছ পুলি ৰোপনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ ক্ষন্তেক সময় পাছতে মূল মঞ্চ উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিশ্বৰূপ ভট্টাচাৰ্যই।

দিনৰ  প্ৰায় ১-৩০ বজাৰ পৰা আৰম্ভ হোৱা চিত্ৰাঙ্কণ,কুইজ,পিঠা,আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা উদ্বোধন কৰে দেউৰী-চুতীয়া সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি কিশোৰ কুমাৰ দেউৰীয়ে।প্ৰতিযোগিতা উদ্বোধন কৰি তেখেতে চুতীয়াসকলৰ ইতিহাসৰ ব্যাখ্যা আগবঢ়াই।

বিয়লি সময়ত স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱা পাছতে সন্ধিয়া গোলাঘাটৰ বেতিয়নী সাংস্কৃতিক দলৰ দ্বাৰা নৃসিংহ মূৰাৰী নামৰ ভাওনা প্ৰদৰ্শন পাছতে দ্বিতীয় দিনা কাৰ্যসূচী সামৰণি পৰে।উল্লেখ যে লোকে লোকাৰণ্য হৈ পৰা বৰাক উপত্যকাৰ আদৰকোনাৰ ৰত্নধ্বজপাল ক্ষেত্ৰত জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতি লগতে অসমীয়া সংস্কৃতিৰ প্ৰতিস্ফুট হৈছে।

উল্লেখ যে আজি দুপৰীয়া অনুষ্ঠিত হোৱা বিদুৎতিক মাধ্যমৰ এক অনুষ্ঠান কৰিমগঞ্জ জিলাত ২২ খন আৰু কাছাৰ জিলা ২খন মুঠ ২৪ খন গাঁওত চুতীয়া জনগোষ্ঠীয় ৰাইজে বহু সমস্যাৰে ভাৰাকান্ত হৈ আহিছে বুলি ৰাইজে উপস্থাপন কৰে।আমি ভূমিপুত্ৰ হৈও নিজ ৰাজ্যৰ এটা উপত্যকাত সংখ্যালঘু বুলি তাপয্য পূৰ্ণ মন্তব্য আগবঢ়াই বহু অসমীয়া মানুহ বৰাক উপত্যকাত নাইকিয়া হৈ গল বুলি উল্লেখ কৰে।বৰাক উপত্যকাত

আমাৰ ভাষা ৰক্ষা কৰিবলৈ  চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই ইতিমধ্যে কেইবাখনো অসমীয়া মাধ্যমৰ বিদ্যালয় নাইকিয়া হৈ গল বুলি ৰাইজে অভিযোগ উপস্থাপন কৰে।উল্লেখ যে কাইলৈ অনুষ্ঠিত হব মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে কেইবাজনো মন্ত্ৰী-বিধায়ক আৰু জাতীয়-জনগোষ্ঠীয় নেতৃত্ববৃন্দ উপস্থিতি থাকিব বুলি সন্থাৰ কাৰ্যালয় সম্পাদক কুণ্ডলি চুতীয়াই জানিবলৈ দিয়ে।

Tags: Featured
Share4Tweet3Send

Related Posts

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
ADVERTISEMENT
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx