ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ শিৱসাগৰ মহৰম উদযাপন সমিতিৰ উদ্যোগত চহৰৰ বিভিন্ন স্থানত তাজিয়া প্ৰদৰ্শন কৰা হয়। চহৰৰ বাবুপট্টিত আজি বিয়লি এক বজাত তাজিয়াৰ আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে উজনি অসম মুছলিম কল্যান পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়াই। শিৱসাগৰৰ দ’লমুখ চাৰিআলি, মুক্তিনাথ চাৰিআলি, মাৰোৱাৰীপট্টী, থানামুখ আৰু দৰবাৰ ফিল্ডত এই তাজিয়া প্ৰদৰ্শন কৰা হয়।

উদ্ধোধনী ভাষণত মণিৰুল ইছলাম বড়াই কয়, ইছলাম ধৰ্মৰ প্ৰৱৰ্তক বিশ্ব নবী হজৰত মহম্মদৰ দুই নাতি ইমাম হুছেইন আৰু ইমাম হাছানৰ সৈতে সৈতে অত্যাচাৰী সম্ৰাট এজিদৰ যুদ্ধ হৈছিল। কাৰৱালা যুদ্ধ ক্ষেত্ৰত এজিদে বিশ্বনবী হজৰত মহম্মদৰ দুই নাতিক নিষ্ঠুৰভাৱে হত্যা কৰিছিল।
ঐতিহাসিক কাৱালা যুদ্ধ ক্ষেত্ৰ ইমাম হুছেইন আৰু হাছানৰ কৰুণ মৃত্যুত সমগ্ৰ আৰৱবাসী শোকস্তব্ধ হৈ পৰিছিল। তেওঁলোকৰ বুকুৰ আপোন ইমাম আৰু হাছানৰ মৃত্যুত আৰৱভূমিত কান্দোনৰ ৰোল উঠিছিল। এই পবিত্ৰ মহৰম মাহতেই তেওঁলোকৰ মৃত্যু হৈছিল বাবে ইছলাম ধৰ্মীসকলে কাৰৱালাৰ প্ৰতিকী যুদ্ধ আখৰাৰে তাজিয়া প্ৰদৰ্শন কৰি মহান শ্বহীদ দুগৰাকীক স্মৰণ কৰে বুলি মন্তব্য কৰে।












