ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ আজি বোকাখাতৰ এলানি আধাৰশিলা অনুষ্ঠানত অংশ গ্ৰহণ কৰি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বৰ্তমানৰ বিজেপী নেতৃত্বাধীন চৰকাৰখনক আৰু দলটিক কটু ভাষাৰে সমালোচনা কৰি কয় যে বিজেপী দলটো বৰ্তমান অপৰাধৰ থলী।
সাংসদ উন্নয়ন পূঁজিৰে নতুনকৈ আৰম্ভ হ’ব লগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি কংগ্ৰেছ সাংসদ গৰাকীয়ে এন আৰ চি কংগ্ৰেছেহে আৰম্ভ কৰিছিল বুলি দাবী কৰি নিজৰ ভাষণত বৰ্তমানৰ বিজেপী চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে এন আৰ চিৰ কাম লেহেমীয়া কৰাৰ বাবেই অসমত বসবাস কৰি থকা বহু লোকৰ নাম এন আৰ চিৰ পৰা নাম বাদ পৰা বুলি অভিযোগ কৰে সাংসদগৰাকীয়ে ৷ এই ক্ষেত্ৰত এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতিক হাজেলাই পক্ষপাত কৰাৰ দাবী কৰে ৷

যাৰ বাবে ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত তালিকাত কাৰোবাৰ পুত্ৰৰ নাম আহিল যদিও কাৰোবাৰ কন্যাৰ নাম নাহিল, আনহাতে কাৰোবাৰ পিতৃৰো নাম নাহিল বুলি মন্তব্য কৰে ৷ বিজেপীক এটা খিচিৰি ৰাজনৈতিক দল বুলি সাংসদ গৰাকীয়ে তীৰ্যক মন্তব্য কৰে।
লগতে সাংসদ গৌৰৱ গগৈয়ে অগপ দলকো কটু সমালোচনা কৰি কয় যে কেবৰ বিৰোধিতা কৰি পঞ্চায়ত নিৰ্বাচনত একক প্ৰতিদ্বন্দীতাৰে মুখ ঠেকেচা খোৱা অগপই লোকসভা নিৰ্বাচন বিজেপীৰে মিত্ৰতা ৰাখি খেলিছিল যদিও ভাল ফল দেখুৱাব নোৱাৰিলে। নিমাতী কন্যাৰ ভাও ধৰা অগপ দলে এনেকৈ থকাতকৈ বিজেপীৰে চামিল হৈ যোৱাই ভাল বুলি তেওঁ মন্তব্য কৰে। মঙলবাৰে সাংসদ গৌৰৱ গগৈয়ে বোকাখাত সমষ্টিৰ বিভিন্ন এলেকাত সাংসদ পুঁজিৰ ধনেৰে ৬ টা স্থানত আধাৰশিলা স্থাপন কৰে ৷













