ASSAM TIMES POST
গুৱাহাটীঃ গুৱাহাটীলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৰা মন্তব্য সম্পৰ্কত ৰাজনৈতিক মহলত চৰ্চা দিনকদিনে বৃদ্ধি পাইছে। মূলতঃ এফালেদি অমিত শ্বাহে বিদেশীক হুংকাৰ দি আনফালে নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক, ২০১৬ গৃহীত কৰি ধৰ্মৰ ভিত্তিত একাংশ বিদেশীক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ।
বুধবাৰে ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতি আৰু অসম কংগ্ৰেছ বিধায়িনী দলে। এপিচিচিৰ সদৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত সভাপতি ৰিপুণ বৰাই কয় যে অমিত শ্বাহে অসমত এজনো বিদেশী থাকিব নোৱাৰিব বুলি কৈ কেব আনিব বিচাৰিছে। ইয়াৰ অৰ্থ কি? অমিত শ্বাহে দুমুখীয়া কথা কৈছে।
অসমৰ জনসাধাৰণক সাপ হৈ খুটি বেজ হৈ জাৰিব বিচাৰিছে অমিত শ্বাহে। সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগ টানি আনি তেওঁ কয় যে চূড়ান্ত খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰোতে কৃতিত্ব লোৱা বিজেপি কিন্তু চূড়ান্ত এনআৰচি প্ৰকাশৰ পাছত নিমাত। বৰাই অমিত শ্বাহে কৰা মন্তব্য সম্পৰ্কত মনে-মনে থকাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম গণ পৰিষদৰ সভাপতি অতুল বৰাকো সমালোচনা কৰে। সংবাদমেলত অসম কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী শৰত বৰকটকী, ডাঃ ভূমিধৰ বৰ্মন আদি উপস্থিত থাকে।












