![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম-মিজোৰাম সীমান্তত সোমবাৰে সংঘটিত সংঘৰ্ষত নিহত আৰক্ষী জোৱানলৈ সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। নিহত প্ৰতিগৰাকী আৰক্ষী বিষয়া-জোৱানৰ পৰিয়াললৈ ৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰা হৈছে। লগতে পৰিয়ালৰ উপযুক্ত নিকটমাত্মীয়ক চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। লগতে আহতসকলক প্ৰদান কৰা হ’ব ১ লাখকৈ।
আনহাতে, গুৰুতৰভাৱে আহত আৰক্ষী অধীক্ষক নিম্বলকৰক মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হৈছে। এক বিশেষ এয়াৰ অম্বুলেন্সৰ জৰিয়তে তেওঁক উন্নত চিকিৎসাৰ বাবে মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হৈছে।













