ছাইদুল ইছলাম
ডিফু : বিজেপি শাসিত দুই পাৰ্বত্য জিলা কাৰবি আংলঙ আৰু পশ্চিম কাৰবি আংলঙত বিৰোধী আঞ্চলিক দুই দলৰ মাজত হ’বলৈ গৈ আছে নতুন সমীকৰণ! বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুঁজ দিবলৈ ঐক্যবদ্ধ হব দুই আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে, এএছডিচি আৰু এপিএইছএলচি ৷ চন্দ্ৰকান্ত তেৰাঙ নেতৃত্বাধীন স্বায়ত্তৰাজ্য দাবী সমিতি চমুকৈ এএছডিচি আৰু জে আই কাথাৰ নেতৃত্বাধীন অল পাৰ্টী হীলছ লীডাৰ্চ চমুকৈ এপিএইছএলচি অগ্ৰসৰ হৈছে ঐক্যবদ্ধ হোৱাৰ দিশে ৷
আজি ডিফুত দুয়োটা দলে আয়োজিত কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰে ৷ এই সন্দৰ্ভত এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে, সময়, পৰিস্থিতি আৰু ৰাইজৰ দাবীত দল দুটাই একত্ৰিত হোৱাৰ দিশে অগ্ৰসৰ বুলি সিদ্ধান্ত গ্ৰৰণ কৰিছে ৷ পাহাৰীয়া জিলা দুখনত আঞ্চলিক শক্তিসমূহ একত্ৰিত হৈ যুজ দিয়াটো ৰাইজে বিচাৰিছে বাবেই তেনে দাবীৰ প্ৰতি সন্মান জনাই দল দুটাৰ মাজত একত্ৰিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি কয় সভাপতিগৰাকীয়ে ৷ সোমবাৰে দুয়োটা দলৰ মাজত হোৱা দীৰ্ঘ আলোচনাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে জিলা দুখনৰ মূলদাবী সন্দৰ্ভত ঐক্যবদ্ধভাবে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় নেতাগৰাকীয়ে ৷
আনহাতে এএছডিচি দলে সংগ্ৰামৰ জৰিয়তে লাভ কৰা ক্ষমতাসমূহ, ষষ্ঠ অনুসূচীৰ ক্ষমতা কংকমৰেছ আৰু বিজেপিৰ শাসন কালত হ্ৰাস পোৱা অভিযোগ কৰে নেতাগৰাকীয়ে ৷ বিগত ৭ বছৰে বিজেপি শাসনত থকাৰ পিছতে স্বায়ত্তৰাজ্যৰ দাবী ৰূপায়ণ ব্যৱস্থাৰ কথা ভাবিব নোৱাৰিলে বুলি মন্তব্য কৰে ৷ দুয়োটা আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে, এএছডিচি আৰু এপিএইছএলচিৰ লগত বিভিন্ন অৰাজনৈতিক সংগঠন আৰু নাৰী শক্তিসমূহে ঐক্যবদ্ধ হোৱাৰ বাবে সংকল্পবদ্ধ হৈছে বুলি কয় নেতাগৰাকীয়ে ৷ ইয়াৰ বাবে এক উমৈহতীয়া মঞ্চ গঢ়ি তোলা হ’ব যদিও ইয়াৰ নাম আৰু অনান্য বিষয়সমূহ এতিয়ালৈকে নিশ্চিত কৰা হোৱা নাই বুলি জনায় নেতাগৰাকীয়ে ৷ অহা ৯ আগষ্টত ডিফু ক্লাৱত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসৰ দিনা দুয়োটা দল ঐক্যবদ্ধ হ’ব বুলি জানিবলৈ দিছে সভাপতিগৰাকীয়ে ৷ আজিৰ সংবাদমেলত এপিএইছএলচি সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰো উপস্থিত আছিল ৷