![]()
অজন্তা তালুকদাৰ
বোকাখাত : যোৱা এমাহ ধৰি বৃদ্ধি হৈ থকা কভিড পজিটিভিটিৰ হাৰ কালি সৰ্বনিম্ন ১.৩৪% লৈ হ্ৰাস পোৱাৰ পাছত আজি পুনৰ ৪.১২লৈ বৃদ্ধি পায় । কভিড আক্ৰান্ত লোকৰ সংখ্যা আজি ৩৫ জন। পজিটিভিটিৰ হাৰ যোৱা সাতদিনৰ ক্ৰমে, ২.৪৪, ৩.৪৮, ৭.০২, ২.২৯, ২.০, ২.১৬ আৰু কালি ১.৩৪ হোৱাৰ পাছত আজি পুনৰ ৪.১২ হৈছে। আজি ৰেট আৰু আৰ টি পি চি আৰ লৈ মুঠ পৰীক্ষা ৮৪৮ জনৰ কৰা হৈছিল আৰু তাৰে ৩৫ জনৰ পজিটিভ ধৰা পৰে। বোকাখাত মহকুমাৰ বৰ্তমানো ৰৌদুৱা পথাৰ, গৰৈমাৰি আদি ৩টা অঞ্চল কণ্টেইনমেন্ট জ’ন হৈ আছে ।
বৰ্তমানলৈকে ৩১ জন ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে বহিঃৰাজ্যত থকা মহকুমাটোৰ ৪ জন লোকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ কভিডৰ দ্বিতীয়টো লহৰত মহকুমাটোত মুঠ ৰেট টেষ্টত ৭৫৮৪৩ আৰু আৰ টি পি চি আৰ ৬০৯৪ জনৰ, মুঠতে ৮১৯৩৭ জনৰ কভিড পৰীক্ষা কৰা হৈছে ৷ মহকুমাটোৰ মুঠ আক্ৰান্ত লোকৰ সংখ্যা ৪৬৭২।
উল্লেখ্য যে মহকুমাটোৰ বহু কেইটা স্থানৰ চুবুৰী বা গাঁৱৰ সৰহসংখ্যক কভিড পজিটিভ ওলাইছিল আৰু বৰ্তমান সেইসমূহ কণ্টেইনমেন্ট জ’ন হৈ আছে। আজি বোকাখাত চিকিৎসালয়ৰ কভিড কেয়াৰ কেন্দ্ৰত ৪৯ গৰাকী, গাঁৱৰ কেন্দ্ৰত ৫৫, চাহ বাগিচাৰ কভিড কেয়াৰ কেন্দ্ৰত ৫০ আৰু নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত ২৯ জন ভৰ্তি হৈ থকাৰ লগতে হোম কোৱাৰেণ্টাইনত আছে ১২ জন। এই সময়চোৱাত কভিড চিকিৎসা গ্ৰহন কৰি ৪৪৭৭ জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে। আজি বোকাখাতত ৪৫ বছৰৰ উৰ্ধৰ ৫১৬ জনক আৰু ১৮ বছৰৰ উৰ্ধৰ ৯৪ জনক ধৰি মুঠ ৬১০ জনক আৰু সৰ্বমুঠ ৬৪৫২১ জনক ভেকচিন প্ৰদান কৰা হয়।













