![]()
নিউজ ডেস্কঃ
ৰণবীৰ কাপুৰ। অভিনেতা হিচাবে যিমান জনপ্রিয় সিমানেই জনপ্রিয় ‘প্লে বয়’ ইমেজৰ বাবে। সেয়ে প্ৰায়েই মায়া নগৰীৰ সুন্দৰীসকলৰ লগত তেওঁৰ বিভিন্ন কাহিনী। দীপিকা পাডুকন, কেটৰিনা কাঈফ, আলিয়া ভাটৰ উপৰি অসংখ্য ‘বিশেষ বান্ধৱী’ তেওঁৰ। বলিউডৰ খবৰ মতে, এই তিনিগৰাকী নায়িকাৰ পূৰ্বে একাধিকৰ সৈতে সময় কটাইছে ৰণবীৰ কাপুৰে। কিন্তু তাৰো পূৰ্বে ৰণবীৰে একেৰাহে পাঁচ বছৰ ডেটিং কৰিছে আমিৰ খানৰ ভাগিনৰ পত্নী অবন্তিকাৰ সৈতে!
সম্প্রতি এই খবৰ প্রকাশ্যে অহাৰ লগে লগেই তুমুল চর্চা হৈছে বলিউডত। বিনোদন জগতত অৱশ্যে প্রেমত পৰা আৰু প্রেম ভঙাটো নতুন একো কথা নহয়। শুনিবলৈ পোৱা মতে, আমিৰৰ ভাগিনীয়েক ইমৰান খানৰ পূৰ্বে অবন্তিকাৰ গভীৰ প্রেম আছিল ঋষি কাপুৰৰ পুত্রৰ সৈতে। কিন্তু ৰণবীৰৰ সৈতে সম্পর্ক চ্ছেদ হোৱাৰ পিছতেই অবন্তিকা প্ৰেমত পৰে ইমৰানৰ সৈতে। সেই সময়ত ৰণবীৰ আৰু ইমৰান আছিল পৰস্পৰৰ ভাল বন্ধু।
ইমৰান-অবন্তিকাৰ প্রেমে পূৰ্ণতা পাইছিল বিয়াত। তেওঁলোকৰ এগৰাকী জীয়ৰী ইম্মাৰা। কিন্তু বর্তমান সেই সম্পর্কও অতীত। ‘মামা’ আমিৰ খানৰ দ্বিতীয় বিচ্ছেদৰ বহু আগতেই ‘ভাগিন’ ইমৰানৰ বিচ্ছেদ হয়।
অবন্তিকাৰ সৈতে সম্পর্ক ভঙাৰ পিছত ৰণবীৰৰ জীৱনলৈ আহে বলিউডৰ তিনি নায়িকা। সম্প্ৰতি বলিউডৰ এইগৰাকী নায়ক আলিয়া ভাটৰ প্রেমত মচগুল। পৰিচালক অয়ন মুখাৰ্জীৰ আগন্তুক ছবি ‘ব্রহ্মাস্ত্র’ শ্বুটিঙলৈ গৈয়েই আলিয়াৰ সৈতে সম্পর্কত জড়িত হয় ৰণবীৰ। খবৰ মতে, যোৱা বছৰ তেওঁলোকৰ চাৰি হাত এক হোৱাৰ কথা আছিল। কিন্তু কোভিডৰ বাবে বৰ্তমান সেয়া স্থগিত।













