![]()
অজন্তা তালুকদাৰ
বোকাখাত : কভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ লগত প্ৰত্যক্ষ সংযোগ থকা অবৈধ দেশীয় সুৰাৰ ঘাটিসমূহত বোকাখাতৰ আৱকাৰী আৰু আৰক্ষীয়ে চলাইছে ধাৰাবাহিক অভিযান। যোৱা সময়চোৱাত বোকাখাত মহকুমা আৱকাৰী বিভাগে কহঁৰা শিলডুবী, ১নং দগাওঁ, নুমলীগড়, ৰৌদুৱাৰ, দিৰিঙ বস্তি, বছাগাওঁ, বৰভেটা, লৱনঘাট, গেলেকী গোসানিবৰ বিভিন্ন এলেকাত অভিযান চলাই ১৪০ লিটাৰ চুলাই মদ বনোৱা পাছ, ২৫ লিটাৰ অবৈধ চুলাই মদ আৰু ভালে সংখ্যক চুলাই মদ তৈয়াৰ কৰা সা-সজুলি জব্দ কৰি নষ্ট কৰিছিল। আজিও বোকাখাত মহকুমা আৱকাৰী বিভাগে উদয় নগৰ, ১নং ৱাৰ্ড, চাপৰি গাওঁ, চেপেনা কোবোৱা, পানবাৰী আদৰ্শ গাওঁ এলেকাত অভিযান চলাই ২০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰে।
ইয়াৰ উপৰিও আৱকাৰী বিভাগে কমাৰগাঁও আৰক্ষীৰ সহযোগত সোমবাৰে কুৰুৱাবাহি, কান্ধুলীমাৰি, মহুৰামূখ ২নং গৰৈমাৰি মিচিং গাওঁ এলেকাত অভিযান চলাই ৩৮০ লিটাৰ অবৈধ চুলাই মদ বনুৱা পাছ, ২২ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰিছিল।
আনহাতে আজিও বোকাখাত মহকুমা আৱকাৰী বিভাগে বোকাখাত ৰাজহচক্ৰৰ অন্তৰ্গত লখৌজান, লতাবাৰি এলেকাত অভিযান চলাই ৪০০ লিটাৰ অবৈধ চুলাই মদ বনোৱা পাছ, ২০ লিটাৰ অবৈধ চুলাই মদ আৰু চুলাই মদ বনোৱা সামগ্ৰী জব্দ কৰি নষ্ট কৰে। নৱপ্ৰজন্মৰ লগতে জনস্বাস্থ্যৰ প্ৰতিও তীব্ৰ ভাবুকি নামি অহা এই মাদকদ্ৰৱ্যৰ বিৰুদ্ধে প্ৰশাসনৰ এনে কাৰ্যৰ প্ৰশংসা কৰিছে বোকাখাতৰ সচেতন নাগৰিকে।













