ASSAM TIMES POST
গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰাম অবিৰত। অসমীয়া জাতিৰ প্ৰতিটো দুৰ্যোগপূৰ্ণ মুহূৰ্তত জাতিক একত্ৰিত কৰি বজ্ৰ-কঠিন স্থিতিৰে জাতিৰ স্বাৰ্থত সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখিছে আছুৱে। ছাত্ৰ সন্থাৰ মঞ্চখনৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে।-এই মন্তব্য একালৰ আছু নেতা আৰু বৰ্তমানৰ বিজেপি নেতা মুমিনুল আৱালৰ।
বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁ কয় যে বৰ্তমানৰ আছু নেতৃত্ব পৰাজিত সৈনিক। তেওঁলোকে অতি লজ্জাজনকভাৱে প্ৰব্ৰজিত বাংলাদেশী মুছলমানৰ ওচৰত নতশিৰে আঁঠু লৈছে।
আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্পৰ্কত কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৱালে কয় যে আছুৰ নেতাই কিছুদিনৰ আগতে কৈছিল, ৰাহুল গান্ধী বোলে অসমৰ বাবে ত্ৰাণকৰ্তা। আছু আৰু কংগ্ৰেছৰ সুৰ আজি একেই।
কংগ্ৰেছ আৰু আছুৰ বৰ্তমানৰ নেতৃত্ব এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। আছুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে আছুৱে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত বহি এনআৰচিত কি কি নথি গ্ৰহণ কৰা হ’ব সেই সিদ্ধান্ত লৈছিল। সুৰুঙা থাকি যোৱাকৈ নথিসমূহ গ্ৰহণ কৰাৰ ফলত প্ৰব্ৰজনকাৰীয়ে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ সুযোগ পাইছে।
তেওঁ পুনৰ কয় যে আছুৰ নেতাৰ বৰ্তমানৰ স্থিতিয়ে অসমৰ সমাজ জীৱনক চিন্তিত কৰি তুলিছে। অসমৰ ছাত্ৰ সমাজৰ মাজত আছুৰ গ্ৰহণযোগ্যতা ক্ৰমে হ্ৰাস পাব ধৰিছে।












