![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা পৰিস্থিতিৰ মাজতে ৩০ জুলাই শুকুৰবাৰে ঘোষণা হ’ব ৰাজ্য হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা ফলাফল। পুৱা ১১ বজাত ছেৱাই ঘোষণা কৰিব ফলাফল। অনলাইনত পৰীক্ষাথীয়ে লাভ কৰিব ফলাফল। ১৪টাকৈ ৱেবচাইটত উপলব্ধ হ’ব ফলাফল।
উল্লেখ চলিত বৰ্ষত ৪ লাখ ৩৮ হাজাৰ ৮২৮ গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীন হৈছে পৰীক্ষাত। মেট্ৰিকত ৪ লাখ ২৬ হাজাৰ ৫৫৩ গৰাকী পৰীক্ষাৰ্থী থকা বিপৰীতে ১২ হাজাৰ ২৭৫ গৰাকী। পৰীক্ষাত অৱৰ্তীন হোৱা ল’ৰা তুলনাত ছোৱালী সংখ্যা বেছি।
ফলাফল ঘোষণাৰ ৱেবছাইটসমূহ- SEBAONLINE.ORG, SEBARESULTS.IN, RESULTSASSAM.NIC.IN, RESULTS.SHIKSHA, ASSAM.SHIKSHA, ASSAMONLINE.IN, INDIARESULTS.COM, EXAMETC.COM, SCHOOLS9.COM, ASSAMJOBALARTS.COM, ASSAMRESULT.IN, IRESULTS. NET, NECAREER.COM আৰু JAGRANJOSH.COM ।
ইয়াৰ উপৰিও ছেৱা ৰিজাল্ট মোবাইল এপত উপলব্ধ হ’ব ফলাফল।
আনহাতে, ফলাফলত কোনো ছাত্ৰ-ছাত্ৰী সুখী নহ’লে বহিব পাৰিব বিশেষ পৰীক্ষাত। তাৰ বাবে ৫ আগষ্ট পৰা অনলাইনত আৱেদন কৰিব লাগিব বিশেষ পৰীক্ষা।
উল্লেখ যে পূৰ্বৰ দৰে ফলাফলৰ বুকলেটৰ সলনি পিডিএফ ফাইল প্ৰদান কৰা হ’ব বিদ্যালয়সমূহলৈ। অনলাইনত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব মাৰ্কছিট।













