![]()
নগাঁও : নগাঁও চহৰৰ খুটিকটীয়াত আজি দুপৰীয়া সংঘটিত হোৱা এক শোকাবহ দুৰ্ঘটনাত এজন যুৱকৰ নিহত হয়। জানিব পৰা মতে, মৰিগাঁৱৰ এ এছ-০১ জে চি-২৭৩৬ নম্বৰৰ ট্ৰেভেলাৰখন খুটিকটীয়া অঞ্চলৰ এটা গেৰেজৰ পৰা উলিয়াই নিয়াৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। ট্ৰেভেলাৰখনৰ হেণ্ডিমেন সুমিত নাথ (২৫) ট্ৰেভেলাৰখনৰ দৰ্জাৰ কাষত থিয় দি আছিল। অসাবধান বশত: ট্ৰেভেলাৰখনৰ পৰা হঠাৎ পিচলি তলত পৰি যোৱা সুমিতক বাহনখনে কিছু দূৰ মহতিয়াই লৈ যায়। ফলত সুমিত থিতাতে নিহত হয়।
ইপিনে, ট্ৰেভেলাৰখনৰ চালকজনে দ্ৰুত বেগেৰে চলাই পলাই যাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে শেনচোৱাৰ ওচৰত স্থানীয় লোকৰ সহযোগত বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গাড়ীখনৰ চালক ফৰিদুল আলিক আটক কৰে । দুৰ্ঘটনাটোত নিহত হেণ্ডিমেন সুমিত নাথৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে।













