![]()
নগাঁও : প্ৰৱঞ্চনাৰে সাধাৰণ লোকৰ একাউণ্টৰ পৰা ধন সৰকাই নিয়া আন্ত:ৰাজ্যিক ছাইবাৰ অপৰাধীৰ চক্ৰ নগাঁও আৰক্ষীৰ জালত পৰিছে। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত চলা অভিযানত ছাইদুল ইছলাম, দিলোৱাৰ হুছেইন আৰু মিৰ্জানুৰ ৰহমান নামৰ তিনিজন ছাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অপৰাধী কেইজনৰ পৰা নগাঁও আৰক্ষীয়ে জব্দ কৰিছে দুশৰো অধিক ছিম কাৰ্ড, ৪টা মোবাইল ফোন আৰু এটা লেপটপ।
নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আজি নগাঁও আৰক্ষীৰ প্ৰেক্ষাগৃহত এক সংবাদমেলৰ আয়োজন কৰি এই অপৰাধী কেইজনে বিগত সময়ছোৱাত বহু দুখীয়া লোকৰ একাউণ্টৰ পৰা মোবাইলৰ অ’টিপিৰ জৰিয়তে ধন উলিয়াই নিয়াৰ কথা উল্লেখ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে আন্ত:ৰাজ্যিক প্ৰৱঞ্চক চক্ৰৰ সৈতেও এই অপৰাধী কেইজনৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি কয় ঝাৰখণ্ডৰ জানতাৰাৰ প্ৰৱঞ্চক চক্ৰৰ সৈতে এই অপৰাধী চক্ৰটোৱে মিলি অসমৰ বহু লোকক সৰ্বস্ৰান্ত কৰিছিল।
আনহাতে সঘনে ছিমকাৰ্ড সলনি কৰি বহু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ প্ৰৱঞ্চনা কৰাৰ কথাও উল্লেখ কৰে নগাঁও আৰক্ষীয়ে। ইতিমধ্যে এই কেইজন অপৰাধীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে। আনহাতে যদি কোনো লোক এনে প্ৰৱঞ্চনাৰ বলি হৈছে তেনেহ’লে শীঘ্ৰেই নগাঁও আৰক্ষীক যোগাযোগ কৰিবলৈ নগাঁৱৰ ৰাইজক অনুৰোধ জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।













