ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

২০ শতাংশ লোকে কোভিডৰ বাবে কৰ্ম সংস্থাপন হেৰুৱাইছে : নগাঁও মহাবিদ্যালয়ৰ তথ্য

২০ শতাংশ লোকে বৰ্তমানেও কোভিডৰ প্ৰতি উদাসীন

News Desk by News Desk
July 28, 2021
Reading Time: 1 min read
A A
0
২০ শতাংশ লোকে কোভিডৰ বাবে কৰ্ম সংস্থাপন হেৰুৱাইছে : নগাঁও মহাবিদ্যালয়ৰ তথ্য

New Logo Very Smal | ASSAM TIMES POST
নগাঁও : “কোভিড মহামাৰীৰ ফলত ২০ শতাংশ লোকে তেওঁলোকৰ কৰ্ম সংস্থাপন হেৰুৱাব লগা হোৱাৰ লগতে বিভিন্ন ক্ষেত্রত কৰ্মৰত ২০ৰ পৰা ৩০ শতাংশ লোকে পূৰ্বৰ কৰ্ম ত্যাগ কৰি অন্য কামত নিয়োজিত হ’বলগা হৈছে । কিছু সংখ্যক লোকে গেলামালৰ দোকান, শাক-পাচলিৰ দোকান, ফলমূলৰ দোকান, সৰু সুৰা ব্যৱসায়, ঘৰুৱা যোগান কৰ্ম আদিত নিয়োজিত হৈ জীৱিকা-নিৰ্বাহ কৰিব লগা হৈছে ।”

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ আৰু এন. এছ. এছ গোটৰ যৌথ উদ্যোগত ‘স্বাস্থ্য, ক্ষুদ্র উদ্যোগ, আৰ্থ-সামাজিক, ডিজিটেল মাধ্যম, অনলাইন বজাৰ, ব্যৱসায় আৰু বিত্তীয় লেনদেন’ শীৰ্ষক ধাৰাবাহিকভাৱে সম্পন্ন কৰা দ্বিতীয় লানি অধ্যয়নত এই তথ্য উন্মোচিত হয় । মহাবিদ্যালয়খনৰ অধ্যক্ষ ড: শৰৎ বৰকটকীৰ পৃষ্ঠপোষকতাত আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড: ভুৱন চন্দ্র চুতীয়াৰ নেতৃত্বত মহাবিদ্যালয়খনৰ আটাইকেইটা বিভাগৰ কেইবাগৰাকীও অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু এন. এছ. এছ গোটৰ এটি এশ জনীয়া দলে যোৱা ২০ জুনৰ পৰা ২০ জুলাই লৈ এক উচ্চস্তৰীয় সমিতিয়ে নিৰূপণ কৰি দিয়া অনলাইন প্ৰ-পত্ৰৰ যোগেদি সমগ্র অসমৰ ১৪খন জিলাৰ প্ৰায় ৩৫০০ লোকক সামৰি ৭০০ ঘৰ মানুহৰ জৰীপ সম্পন্ন কৰি বিজ্ঞানসন্মতভাৱে কৰা বিশ্লেষণত জনসাধাৰণৰ মাজত কোভিড সচেতনতা, সামাজিক, অৰ্থনৈতিক, কৰ্মস্থলী পৰিৱৰ্তন, নিয়োগ, ক্ষুদ্ৰ ব্যৱসায়, ক্ষুদ্র উদ্যোগে সন্মুখীন হোৱা সমস্যাৰাজি, অনলাইন বজাৰ, ব্যৱসায় আৰু বিত্তীয় লেনদেন, জীৱন আৰু জীৱিকাৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হয়।

তথ্য অনুসৰি প্ৰায় ২০ শতাংশ জনসাধাৰণ এতিয়াও কোভিড অতিমাৰীৰ প্ৰতি উদাসীন। সেয়েহে হয়তো চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল আৰু গ্ৰামাঞ্চলৰ বহু অঞ্চলত বিভিন্ন ধৰণৰ খেল, জুৱা খেল আদিৰ যোগেদি হোৱা জন সমাগমে সচেতন মহলক বাৰুকৈয়ে চিন্তিত কৰে। তথ্য মতে ২২ শতাংশ জনসাধাৰণ এতিয়াও কোভিড পৰীক্ষণ কেন্দ্রৰ প্ৰতি অৱগত নহয়। যাৰ ফলত হয়তো নিৰ্দিষ্ট সময়ত পৰীক্ষা নোহোৱাৰ বাবে কোভিডৰ দ্বিতীয় ঢৌত সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যাও বৃদ্ধি পায়।

উল্লেখ্য যে ২৯.৫ শতাংশ চহৰাঞ্চল আৰু ৭০.৫ শতাংশ গ্ৰামাঞ্চলৰ প্ৰায় ৪৭ শতাংশ পুৰুষ আৰু ৫৩ শতাংশ মহিলাই এই জৰীপ কাৰ্যত সহযোগিতাৰে নিজৰ মত আগবঢায়। আনহাতে উন্মোচিত তথ্য অনুসৰি কোভিড মহামাৰীয়ে ক্ষুদ্র ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগীলৈ বাৰুকৈয়ে ভাবুকি কঢ়িয়াই আনে। ৪০শতাংশ ক্ষুদ্র ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় এৰিব লগা হয় আৰু ১৪ শতাংশ লোকে তেওঁলোকৰ অঞ্চলত ক্ষুদ্র উদ্যোগ বন্ধ হোৱাৰ ফলত তাত নিয়োজিত কৰ্মচাৰীসকল অন্য কৰ্মত নিয়োজিত হ’বলগা হৈছে।

ইপিনে ৬৩ শতাংশ গ্ৰামাঞ্চলৰ জনসাধাৰণে ইন্টাৰনেৰ দুৰ্বল, নেটৱৰ্কৰ বাবে বিভিন্ন অনলাইন কাম-কাজত সমস্যাৰ সন্মুখীন হ’বলগা হৈছে। ঠিক একেদৰে ৫৯.৩ শতাংশ চহৰাঞ্চলৰ জনসাধাৰণ কোভিড মহীমাৰীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ দৈনন্দিন বিত্তীয় লেন-দেন অনলাইনযোগে প্ৰকাশ কৰিবলৈ আগ্রহী বুলি মন্তব্য কৰে।

এই অধ্যয়নৰ দ্বাৰা নগাঁও মহাবিদ্যালয়ে অসমৰ চহৰ আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ বাবে ধাৰাবাহিকভাৱ অভিযান চলাই আহিছে । ইয়াৰ উপৰি নগাঁও কলেজৰ এন. এছ. এছ গোটৰ দ্বাৰা গ্ৰামাঞ্চলত আৰু কোভিড যুদ্ধৰ লগত জড়িত সুৰক্ষা কৰ্মীৰ মাজত হেণ্ড চেনিটাইজাৰ আৰু মাক্স বিতৰণ আৰু সজাগতা অভিযান কৰি আহিছে বুলি এন. এছ.এছৰ সহকাৰী প্ৰগেম অফিচাৰ মানস জ্যোতি নিৰ্মলীয়াই জানিবলৈ দিয়ে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx