নগাঁও : দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী দিনটো আজি সমগ্র ৰাজ্যৰ লগতে নগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়তো “দেশভক্তি দিৱস” হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত সভাৰ আৰম্ভণিতে যোৱা ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ বীৰ শ্বহীদ কেইগৰাকীৰ আত্মাৰ সদগতি কামনাৰে এক মিনিট সময় মৌন প্রার্থনা জনোৱা হয় ।
ইয়াৰ পাছতে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে। উপায়ুক্তগৰাকীয়ে দেশভক্ত তৰুণ ৰাম ফুকনৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। সভাখনৰ আঁতধৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈয়ে । দেশভক্তি দিৱস উপলক্ষে আয়োজিত সভাত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মা, নগাঁও জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, নগাঁও মুক্তি যুঁজাৰু সন্মিলনৰ সম্পাদক বাবুল শইকীয়াকে প্ৰমুখ্য কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সভাৰ অন্তত জিলাখনৰ ৪ গৰাকী বৰ্ষীয়ান মুক্তিযোদ্ধা ক্ৰমে নৰেন্দ্ৰ নাথ দাধৰা, নবীন কৰন, যতীন্দ্ৰ নাথ হাজৰিকা আৰু ৰত্ন মালা গোহাঁইৰ বাস গৃহত জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ উপস্থিত হৈ মুক্তিযোদ্ধা কেইগৰাকীক একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু চেলেঙৰে সম্বৰ্ধনা জ্ঞাপন কৰে।