লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ নাহৰ সমন্নয় গোষ্ঠীৰ ব্যৱস্হাপনাত তিনিআলীৰ শিৱ মন্দিৰৰ বাকৰিত যোৱা নিশা অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষী জোৱানসকলক নাহৰ সমন্বয় গোষ্ঠীৰ কৰ্মকৰমতাই ডঃ ভূপেন হাজৰিকাৰদেৱৰ কালজয়ী গীত শ্বহীদ প্ৰণামো তোমাক গীতটি বাঁহিতেই বজাই শ্ৰদ্ধাঞ্জলী প্ৰদান কৰে। লগতে ডৱা, কাহ আদি বাদ্যযন্ত্ৰ বজাইও জয় ধ্বনিৰে শত্রু পক্ষকো হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হয়। উক্ত অনুষ্ঠানত নাহৰ সমন্নয় গোষ্ঠীৰ সদস্যৰ লগতে স্থানীয় বহু ৰাইজে অংশগ্ৰহণ কৰে।