![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত একাধিক ঘোষণা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তেওঁ কয়, ২০২০ চনত যি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথা ঘোষণা কৰা হৈছিল, সেয়াই ভৱিষ্যতে পথ দেখুৱাব। মোদীয়ে ঘোষণা কৰে, দেশৰ আঠখন ৰাজ্যৰ ১৪ ইঞ্জিনিয়াৰিং কলেজত পাঁচ আঞ্চলিক ভাষাত পঢ়াৰ সুযোগ পাব শিক্ষাৰ্থীসকলে। এই আঞ্চলিক ভাষা কেইটা হৈছে বাংলা, হিন্দী, মাৰাঠী, তামিল আৰু তেলেগু। ইয়াৰ বাবে বিশেষ অনুবাদৰ ‘টুল’ সৃষ্টি কৰিছে কেন্দ্রীয় চৰকাৰে। মোদীয়ে কয়, ‘‘আঞ্চলিক ভাষাত শিক্ষা আৰম্ভ হ’লে দৰিদ্র, পিছপৰা শিক্ষাৰ্থীসকলৰ সকলোতকৈ বেছি সুবিধা হ’ব। আঞ্চলিক ভাষাত কাৰিকৰী শিক্ষা আৰম্ভ হ’লে তেওঁলোক অধিক সাফল্যৰ দিশে আগুৱাই যাব।’’
আনহাতে, এই বছৰৰ জেইই মেইন-ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষা অসমীয়াসহ ১৪টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব৷ ইংৰাজী হ’ব বাধ্যতামূলক মাধ্যম৷ ইয়াৰ পূৰ্বে এই পৰীক্ষা ইংৰাজী, হিন্দী আৰু উৰ্দু ভাষাত অনুষ্ঠিত হ’ব৷ এতিয়াৰে পৰা অসমীয়াৰ উপৰি বাংলা, গুজৰাটী, হিন্দী, কানাড়া, মাৰাঠী, মালায়ালম, উড়িয়া, পাঞ্জাবী, তামিল আৰু তেলেগু ভাষাত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব৷













