ASSAM TIMES POST
নগাঁওঃ প্ৰতিকুল বতৰক নেওচি কৰ্তব্য পালনৰ নিদৰ্শন দাঙি ধৰা নগাঁও আৰক্ষীৰ যানবাহন শাখাৰ এগৰাকী মহিলা আৰক্ষী শেহতীয়াকৈ চৰ্চালৈ আহিছে। তীব্ৰবেগী বতাহ আৰু ধাৰাষাৰ বৰষুণক আওকান কৰি এই গৰাকী যানবাহন শাখাৰ মহিলা আৰক্ষীয়ে ৰাজপথত যানবাহন নিয়ন্ত্ৰণৰ দ্বায়িত্ব পালন কৰি থকাৰ দৃশ্য চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

আনকি ধিং এক্সপ্ৰেছ হিচাপে খ্যাত দৌৰৰাণী হিমা দাসে টুইটাৰ যোগে প্ৰশংসা কৰা এই গৰাকী মহিলা আৰক্ষীৰ নাম ৰঞ্জুলা দেবী । আজি পুৱা নিজ কাৰ্যালয়ত আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে ৰঞ্জুলা দেবীৰ কৰ্তব্যনিষ্ঠাৰ শলাগ লোৱাৰ লগতে তেওঁক সম্বৰ্ধনা জনায় ৷ নগাঁও জিলাৰ ৰহাৰ গান্ধীপুৰৰ ৰঞ্জুলা দেবীয়ে চলিত বছৰৰ জানুৱাৰী মাহত নগাঁও আৰক্ষীত যোগদান কৰাৰ পিছত যোৱা ২৪ আগষ্টত যান- বাহন শাখাত যোগদান কৰিছিল ৷
নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা মহিলা আৰক্ষী ৰঞ্জুলা দেবী যোৱা ৯ ছেপ্টেম্বৰৰ দুপৰীয়া নগাঁও চহৰৰ মাজমজিয়়াত অৱস্থিত হিম্মৎসিংকা পেট্ৰল ডিপো পইণ্টত যান- বাহন নিয়ন্ত্ৰণৰ দ্বায়িত্বত আছিল ৷ সেই সমযতে আহে এজাক তীব্ৰবেগী বতাহ- বৰষুণ ৷
কিন্তু সেই বতাহ- বৰষুণকো আওকাণ কৰি মহিলা আৰক্ষীগৰাকীয়ে বৰষুণত তিতি- বুৰি যান- বাহন নিয়ন্ত্ৰণত ব্যস্ত থাকে ৷ এই দৃশ্য কোনো পথচাৰীয়ে কেমেৰাত বন্দী কৰি পিছত চছিয়েল মিডিয়াত এৰি দিয়ে। পিছলৈ এই দৃশ্য ভাইৰেল হৈ পৰে ৷ অসংখ্য লোকে এই দৃশ্য দেখি মহিলা আৰক্ষীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে ৷












