লংকাৰ পৰা মনোজ কুমাৰ পাঠক
নিজ পিতৃক বচাবলৈ উচপি উচপি কান্দিছে এগৰাকী জীয়ৰীয়ে। জীৱনটো আনৰ সেৱা আগবঢ়োৱা ব্যক্তিজনৰ পৰিয়ালত আজি কান্দোনৰ ৰোল। বিপদৰ সময়ত অসহায় লোকৰ কাষত থিয় দিয়া বৰবহাৰ সমাজ সেৱক চম্বিৰ হাঞ্চে আজি ছটফটাইছে আইচিঅৰ বিছনাত।
ওৰেটা জীবন লোকৰ সেৱা আগবঢ়োৱা বৰবহা গাঁৱৰ চম্বিৰ হাঞ্চে জীৱন মৃত্যুৰে যুঁজিছে হোজাইৰ হাম হস্পিটেলত আইচিঅৰ বিছনাত।
আজি চাৰিদিনে আইচিঅত ভৰ্তি চম্বিৰ হাঞ্চেক উদ্ধাৰ কৰিবলৈ অসমবাসীলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। লামডিং সমষ্টিৰ বিধায়ক আৰু বদৰুদ্দিন আজমলৰ নাম লৈ কান্দি কান্দি সহায় বিচাৰিছে অসহায় পৰিয়ালটোৱে। আইচিঅত ভৰ্তি চম্বিৰ হাঞ্চেক ওৰফে ৰবিন্দ্ৰ হাঞ্চেক সুস্থ কৰি তুলিবলৈ চিকিৎসকে পৰামৰ্শ দিছে ২ লাখ টকাৰ। ভোকে-লঘোণে থকা অসহায় পৰিয়ালটোৰ বাবে সক্ষম নহয় ২ লাখ টকা যোগাৰ কৰিবলৈ। বৰবহা অঞ্চলৰ সমাজ সেৱক চম্বিৰ হাঞ্চেক উদ্ধাৰ কৰিবলৈ অতিকৈ প্ৰয়োজন হৈছে অকনমান সহায়ৰ।
সকলোৱে অলপ অলপ কৈ সহায় কৰিলে হয়তো হাঁহি ঘূৰি আহিব ওৰেটো জীৱন লোকৰ সেৱা আগবঢ়াই অহা চম্বিৰ হাঞ্চেৰ পৰিয়ালত। হৃদয়বান লোকসকলে সহায় কৰিব বিচাৰে তেন্তে তেওঁৰ পত্নীৰ নামত থকা পাঞ্জাব নেশ্যনেল বেংকৰ 1799010057822 নম্বৰ একাউণ্টৰ IFSC Code- UTBI0DBTH83 নম্বৰ যোগে সহায় কৰিব পাৰিব। আপোনাৰ সহায় অবিহনে হয়তো বচাব নোৱাৰিব পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী বৰবহাৰ সম্বিৰ হাঞ্চেক। পৰিয়ালৰ যোগাযোগ নম্বৰ 9954681285।