![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ২নং ৰে’ল গেইট পথত ডাম্পাৰ গাড়ীৰ চকাৰ চেপাত মৃত্যু এজন লোকৰ । নাম নিতাই শীল (৬৫)। ঘৰ লংকাৰ ৮নং বাৰ্ডত।
উল্লেখ যে, নিতাই শীল নামৰ লোকজনে চাইকেলত গাখীৰ লৈ গৈ আছিল লংকাৰ বজাৰৰ দিশে, তেনেতে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুত বেগী ডাম্পাৰ গাড়ীৰ পিছ চকাৰ চেপাত মৃত্যু নিতাই শীল নামৰ লোকজনৰ। উক্ত নিতাই শীলৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ পৰিয়ালে আৰক্ষীৰ সম্মুখতে পৰিস্থিতি উতপ্ত কৰাৰ লগতে ডাম্পাৰ গাড়ীখনৰ সম্মুখৰ গ্লাছ ভাঙি চুৰ-মাৰ কৰে লগতে গাড়ীৰ চালকজনক মাৰিবলৈ খেদি যায়। পিছত আৰক্ষীয়ে ডাম্পাৰ গাড়ীসহ চালকজনক লৈ যায় লংকা আৰক্ষী থানালৈ। ডাম্পাৰখনৰ নম্বৰ AS01 HC5664 ।












