![]()
অজন্তা তালুকদাৰ
বোকাখাত : কভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ লগত প্ৰত্যক্ষ সংযোগ থকা অবৈধ দেশীয় সুৰাৰ ঘাটিসমূহত বোকাখাতৰ আৱকাৰী আৰু আৰক্ষীয়ে মাহজোৰাকৈ চলাইছে মাৰাথন অভিযান। যোৱা সময়চোৱাত বোকাখাত মহকুমা আৱকাৰী বিভাগে কালি বোকাখাত আৰক্ষী চকীৰ অন্তৰ্গত লখৌজান, গন্ধিয়া গাওঁ আৰু পানবাৰী শিলজুৰি এলেকাত অভিযান চলাই ৪৫০ লিটাৰ অবৈধ চুলাই মদ বনোৱা পাছ, ৬৫ লিটাৰ অবৈধ চুলাই মদ আৰু ২ টাকৈ চুলাই মদ বনোৱা সামগ্ৰি জব্দ কৰি নষ্ট কৰে।
আনহাতে আজিও বোকাখাত মহকুমা আৱকাৰী বিভাগে বোকাখাত ৰাজহচক্ৰৰ অন্তৰ্গত হালধিবাৰী, দিৰিংবস্তি আৰু চাপৰিগাওঁ এলেকাত অভিযান চলাই ১২ লিটাৰ অবৈধ চুলাই মদ, ৩৭৫ এম. এল অবৈধভাবে ৰখা ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ বটলৰ লগতে ১.৯৫০ লিটাৰ বিয়েৰ জব্দ কৰি নষ্ট কৰে। নৱপ্ৰজন্মৰ লগতে জনস্বাস্থ্যৰ প্ৰতিও তীব্ৰ ভাবুকি নামি অহা এই মাদকদ্ৰৱ্যৰ বিৰুদ্ধে প্ৰশাসনৰ এনে কাৰ্যৰ প্ৰশংসা কৰিছে বোকাখাতৰ সচেতন নাগৰিকে।













