ব্ৰহ্মপুত্ৰ উপত্যকাৰ তুলনাত বৰাক উপত্যকা পিছপৰা-মন্ত্ৰী অতুল বৰা
এই অনুষ্ঠানে বৰাক- ব্ৰহ্মপুত্ৰ মহামিলনৰ সম্বনয় মহা সেতুলৈ ৰূপান্তৰিত-চ্যেলুট – মন্ত্ৰী পৰিমল শুক্লবদ্য
ASSAM TIMES POST
উৎপল দাসঃ “বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাতকৈ বহু পিছপৰা এইয়া সত্য কথা। কিন্তু বিজেপি নেতৃত্বধীন মিটজোঁটৰ চৰকাৰখনে এই সমস্যা সমাধানৰ বাবে বিভিন্ন পদক্ষেপ আগবঢ়াইছে- বুধবাৰে অসম চৰকাৰ কৃষি মন্ত্ৰী অতুল বৰাই কৰিমগঞ্জ জিলাৰ আদৰকোনাত অনুষ্ঠিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াইছে।যোৱা ৯ ছেপ্তেম্বৰ ৰ পৰা আদৰকোনা প্ৰাথমিক চিকিৎসালয় খেলপথাৰ তথা ৰত্নধ্বজপাল সম্বনয় ক্ষেত্ৰ অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত মন্ত্ৰীয়ে গৰাকীয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ মাজত সংগঠনটোৰ এই কাৰ্যসূচীৰে সমন্বয়ৰ সেতুডাল আৰু অধিক সুদৃঢ় কৰিব বুলি উল্লেখ কৰে৷ বুধবাৰে অনুষ্ঠিত মুকলি সভাত অসমৰ চৰকাৰৰ অন্য এগৰাকী মন্ত্ৰী পৰিমল শুক্লবদ্যই বৰাকত এনে অনুষ্ঠান কেতিয়া অনুষ্ঠিত হোৱা নাই বুলি উল্লেখ কৰি এই অনুষ্ঠানে বৰাক- ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজৰ মাজত মহামিলনৰ সমন্বয় মহা সেতুলৈ ৰূপান্তৰিত কৰিব বুলি উল্লেখ কৰে।কৰিমগঞ্জ জিলাত থকা অসমীয়া গাঁও সমূহত এটা সাংস্কৃতিক মঞ্চ নথকা কথা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত ঠাইতে এটা বৃহৎ মঞ্চ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে৷ তিনিদিনীয়াৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ বুধবাৰে অন্তিমদিনা পুৱা বৈদ্যুতিক মাধ্যমৰ এটা আড্ডা অনুষ্ঠিত হোৱাৰ পাছতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই বৰাক বাসীক মুগ্ধ কৰে৷ এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি চুতীয়া উন্নয়নৰ পৰিষদৰ অধ্যক্ষ জীতেন শইকীয়াই অসমীয়া সাংস্কৃতিক পথাৰখনত চুতীয়া জনগোষ্ঠীৰ অৱদানৰ কথা উল্লেখ কৰি উঠি অহা প্ৰজন্মৰ বাবে কৰণীয় আছে বুলি উল্লেখ কৰে।উল্লেখ যে এই সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই।ইয়াৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক সমাৰোহ কাৰ্যসূচী উদ্বোধন কৰি সন্থাৰ প্ৰাক্তন সভাপতি জ্যোতি প্ৰসাদ চুতীয়াই বীৰাঙ্গনা সাধনীক স্মৰণ কৰি সাধনী আদৰ্শৰে অনুপ্ৰাণিত হবলৈ সকলোকে আহ্বান জনায়।সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাৰ প্ৰথমতে স্মৃতিগন্থ”আদৰকোনা” উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ড0 পৰমানন্দ ৰাজবংশীয়ে চুতীয়া সকলৰ ইতিহাসৰ আভাষ দাঙি ধৰি বৰাক উপত্যকাত বসবাস কৰা অসমীয়া লোকসকলৰ বাবে চৰকাৰৰ কৰণীয় যথেষ্ট আছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।সভাপতিগৰাকীয়ে লগতে বৰাকৰ অসমীয়াসকলৰ বাবে চৰকাৰে যদি সংৰক্ষণ ব্যৱস্থা নকৰে তেন্তে নিঃশেষ হোৱা পথত বুলি উল্লেখ কৰ।অসমৰ চৰকাৰৰ তিনিজনকৈ প্ৰতিনিধি উপস্থিতিত সাহিত্য সভাৰ সভাপতি গৰাকীয়ে বৰাক উপত্যকাত বসবাস কৰা অসমীয়া লোকসকল নিজৰ মাতৃভাষাটো পঢ়িবলৈ শিক্ষকৰ যোগান ধৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি চৰকাৰৰ অৱহেলাৰ বাবেই ইতিমধ্যেই কেইবাখনো বিদ্যালয় নিচিহ্ন হৈ পৰিছে বুলি উল্লেখ কৰে।সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰাই আঁত ধৰা অনুষ্ঠানতো নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাই এসময়ৰ প্ৰৱল প্ৰতাপী ৰাজবংশ চুতীয়া সকলৰ ছাত্ৰ সংগঠনৰ এই উদ্যোগে এক সমন্বয়ৰ বাৰ্তাৰ দিয়াৰ লগতে একত্ৰিত কৰা প্ৰয়াস কৰা কাৰ্যক প্ৰশংসা কৰে।সভাত অংশগ্ৰহণ কৰা আলফা (আলোচনাপন্থী) সাধাৰণ সম্পাদক অনুপ চেতিয়া বৰাকত থকা অসমীয়া গাঁওসমূহ আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাই। ইয়াৰোপৰি সভাত অসমৰ চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ,সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় বৰা,দেউৰী-চুতীয়া সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি কিশোৰ কুমাৰ দেউৰী, মটক সন্মিলনৰ সম্পাদক কাজল গোহাই,মৰাণ ছাত্ৰ সন্থাৰ সহ সম্পাদক ,চুতীয়া যুৱ সন্মিলনৰ সভাপতি বিতোপন শইকীয়া,সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী,অনুসূচিত জাতি যুৱ-পৰিষদৰ সভাপতি ৰুবুল দাস,জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈ,সাংবাদিক দেবজিৎ তালুকদাৰ,কৰিমগঞ্জৰ উপায়ুক্ত এম.এছ. মণিভান্নান, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়,সাংবাদিক ৰাজতিলক বৰ্মন,সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক হৰেন চুতীয়া,ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভা,কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক গকুল বৰ্মন,মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া,ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰী,কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমচন টেৰণ,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ সভাপতি ম: হাফিজুল ৰহমান,হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজং,আহোম সেনাৰ সেনাধ্যক্ষ অংকুৰণ ফুকন,সন্মিলিত মটৰ পৰিবহন সন্থা অসমৰ কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা,অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পৰিক্ষিত দত্ত,দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা দেৱজিৎ ফুকন আদিকে কৰি বহু সংখ্যক ব্যক্তিৰে অংশগ্ৰহণ কৰে।উল্লেখ যে আদৰকোনাত অনুষ্ঠিত এই বিশাল অনুষ্ঠানৰ জৰিয়তে ইতিমধ্যেই বৰাক উপত্যকাত সংখ্যালঘুত পৰিণত হোৱা অসমীয়া ৰাইজৰ উচ্ছাসৰ ধল বৈছে।নিজা নিজা প্ৰচেষ্টাত বৰাকত বসবাস কৰাৰ খিলঞ্জীয়া অসমীয়া ৰাইজে এই অনুষ্ঠানত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰি নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।উল্লেখ যে এতিয়ালৈকে এই অনুষ্ঠানত অংশগ্ৰহন কৰা সকলোৱে বৰাক উপত্যকাত থকা অসমীয়া গাঁও কেইখন আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰি শিক্ষা আৰু চৰকাৰী বিভাগৰ মকৰলত সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক স-যোৱে দাবী উত্থাপন কৰিছে।আজি সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই অনুষ্ঠানত অংশগ্ৰহন কৰাৰ পাছতে ৰাতিলৈ বিপিন চাউদাংৱে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব।












