![]()
নগাঁও : নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু নগাঁও কলেজ অৱসৰপ্ৰাপ্ত শিক্ষক ফ’ৰামৰ সহযোগত আজি অন লাইন যোগে ‘অৱসৰী লোকৰ জীৱন শৈলী’ শীর্ষক এক মনোজ্ঞ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ফ’ৰামৰ আহ্বায়ক তথা নগাঁও কলেজৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডঃ তোষেশ্বৰ নাথে আঁত ধৰা বক্তৃতানুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্রদান কৰে।
ডঃ বৰকটকীয়ে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ত্যাগ আৰু আজীৱন শিক্ষাৰ জ্যোতি বিলাই নিষ্ঠাৰে কৰা শিক্ষকতাৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে এইসকল শিক্ষা গুৰুৰ মহান কৰ্মই সমাজখনক সঠিক পথত আগুৱাই লৈ যোৱাৰ লগতে তেওঁলোকৰ সু-শৃংখল জীৱন শৈলীয়ে নৱ-প্ৰজন্মক সু-পথৰ সন্ধান দিব। বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ডঃ ভুৱন চন্দ্র চুতীয়াই নগাঁও কলেজৰ সফলতাৰ এক খতিয়ান দাঙি ধৰে । বক্তৃানুষ্ঠানখন উদ্বোধন কৰি নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ খগেশ্বৰ ভূঞাই কয় যে নগাঁও কলেজৰ এই প্ৰশংসনীয় পদক্ষেপে অৱসৰী শিক্ষকসকলক এক নতুন অৱসৰী জীৱন প্ৰদান কৰিব। মহাবিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ হকে অৱসৰী শিক্ষকসকলক পাৰ্যমানে সহায় কৰিবৰ বাবে তেওঁ আহ্বান জনায় ।
বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য বিশিষ্ট শিক্ষাবিদ ডঃ কন্দৰ্প কুমাৰ ডেকাই ‘অৱসৰী লোকৰ জীৱন শৈলী’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে। ডঃ ডেকাই অৱসৰী জীৱনত সন্মুখীন হোৱা সমস্যা আৰু সুবিধাৰ এক বিশদ ব্যাখ্যা আগবঢ়োৱাৰ লগতে বিশ্বৰ ভিতৰতে দীৰ্ঘায়ু জীৱন লাভ কৰিবলৈ সক্ষম হোৱা জাপানীজসকলৰ উদাহৰণেৰে সফল অৱসৰী জীৱনৰ কৌশল সম্পৰ্কত ব্যাখ্যা দাঙি ধৰে। প্ৰাক্তন উপাচাৰ্যগৰাকীয়ে শিক্ষকে কেতিয়াও অৱসৰ গ্ৰহণ নকৰে বুলি উল্লেখ কৰি লগতে কয় যে শিক্ষকে জীৱনত আহৰণ কৰা জ্ঞান মৃত্যু পৰ্যন্ত বিলাই যায়। ডঃ ডেকাই অৱসৰ গ্ৰহণ কৰা কলেজৰ শিক্ষকসকলক আত্মজীৱনী লিখাৰ বাবেও আহ্বান জনায়। বক্তৃতানুষ্ঠানত নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিক-অধ্যাপিকা, বৰ্তমান কৰ্মৰত অধ্যাপক-অধ্যাপিকা, দাঁতিকাষৰীয়া আন কেইবাখনো শিক্ষানুষ্ঠানৰ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়ত্ৰী প্ৰমুখ্যে মহাবিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। নগাঁও কলেজ একাডেমিক কাউন্সিলৰ সদস্য সচিব ডঃ ফাৰিষ্টা ইয়াচমিনে শলাগৰ শৰাই আগবঢ়ায়।













