![]()
নগাঁও : সদ্য প্ৰয়াত বিশিষ্ট যুক্তিবাদী লেখিকা ড° অনিমা গুহক আজি নগাঁৱৰ ভালেকেইটা সংগঠনে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানত ভাৰতীয় গণ নাট্য সংঘ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম মহিলা সংঘ, ইছকাফ, এ আই ৱাই এফ আৰু দস্তাবেজৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ড° অনিমা গুহই অসমৰ সাহিত্য আৰু সমাজ জীৱনলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানৰ বিষয়ে উল্লেখ কৰি অনুষ্ঠানত উপস্থিত ব্যক্তিসকলে ড° গুহ অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ আছিল বুলি উল্লেখ কৰি লগতে কয় যে অসমীয়া ভাষা সাহিত্যলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা ড° অনিমা গুহ প্ৰগতিশীল নাৰীবাদী আন্দোলনৰ এগৰাকী অন্যতম পথ প্ৰদৰ্শক আছিল। তেওঁৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি।
আনহাতে ড° গুহৰ প্ৰতিচ্ছবিৰ সন্মুখত উপস্থিত লোকসকলে বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গণনাট্য সংঘৰ কাৰ্যকৰী সভাপতি মোলান লস্কৰ, সম্পাদিকা নিজৰা শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজা, ইছকাফৰ সভাপতি খগেন শইকীয়া, অসম মহিলা সংঘৰ সভানেত্ৰী দেৱযানী বৰুৱা, চি পি আইৰ ৰাতুল বৰা, এ আই ৱাই এফৰ জিতু কুমাৰ নাথ, প্ৰগতিশীল নাৰী সন্থাৰ মৃণালি দেৱী, সমাজ কৰ্মী ইশান ৰাজবংশী, বুবুল শৰ্মা, ৰাজশেখৰ কলিতা, ৰূপম বৰা, মহচিন আহমেদ, অনিমেষ বৰবৰা, উজ্জ্বল জ্যোতি দাস, ভৰত কেওট, দুলাল বৰা আৰু অসম কবি সন্মিলনৰ বেলা মোডী আদিয়ে অংশগ্ৰহণ কৰে।













