![]()
ছাইদুল ইছলাম
ডিফু : অসম-মিজোৰাম সীমান্ত লাইলাপুৰত সংঘটিত সীমা বিবাদৰ সন্দৰ্ভত সৃষ্টি হোৱা গুলীয়াগুলীত গুলীবিদ্ধ অসম বেটেলিয়ানৰ বাস গৃহত দেওঁবাৰে দুপৰীয়া ভাগত পাৰ্বত্য উন্নয়ন মন্তী যোগেন মহনসহ বিজেপিৰ এক সঁজাতি দলৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰে ৷
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত খেৰণি মচুকাত গুলীবিদ্ধ বেটেলিয়ান অৰবিল হোজাইৰ লগতে পিতৃ-মাতৃ আৰু পৰিয়ালবৰ্গক প্ৰতিনিধি দলটোৱে সাক্ষাৎ কৰি বেটেলিয়ানজনৰ স্বাস্থ্যৰ পৰিস্থিতিৰ বুজ লয় ৷ সাক্ষাৎ কালত ২০নং বৈঠালাংছ’ৰ বিধায়ক আৰু কাৰ্বি পৰিষদৰ প্ৰতিনিধিৰ উপস্থিতিত খেৰণি মচুকাত উপস্থিত হ’য় ৷ গুলীবিদ্ধ বেটেলিয়ানজনক সাক্ষাৎ কৰাৰ পাচত মন্ত্ৰীগৰাকীয়ে এক সংবাদ মেলো সম্বোধন কৰে ৷












