![]()
ছাইদুল ইছলাম
ডিফু : ডিফু চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ২৩ গৰাকীকৈ ঠিকাভিত্তিক ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ জীৱনলৈ নামি আহিছে এতিয়া ঘোৰ অমানিশা ৷ যোৱা ১ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল কৰ্তৃপক্ষ লগতে অধ্যক্ষাগৰাকীয়ে উক্ত ঠিকাভিত্তিক চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলক তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহতি দিয়া বুলি জানিহ পৰা গৈছে ৷ সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ ডিফু আঞ্চলিকৰ সভাপতি দীপজ্যোতি মালী আৰু সম্পাদক দিগন্ত হাঞ্চেই ডিফু চিকিৎসা মহাবিদ্যালয়ৰ উল্লেখিত চতুৰ্থবৰ্গৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিবলৈ আহ্বান জনাই কাৰবি আংলং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷
স্মাৰক-পত্ৰখনত উল্লেখ থকা অনুসৰি ২০১১ চনত তেতিয়াৰ ডিফু অসামৰিক চিকিৎসালয়ত ২৩ গৰাকীয়ে ঠিকাভিত্তিক চতুৰ্থবৰ্গৰ কৰ্মচাৰীক চিকিৎসালয়খনত ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ কামত নিয়োজত কৰিছিল ৷ বৰ্তমান সেইসকল কৰ্মাচাৰী ডিফু চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ৷ কিন্তু ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো জাননী নিদিয়া তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ফলত তেওঁলোকৰ পৰিয়ালক পোহপাল দিয়াত বাধাৰ সৃষ্টি হৈছে ৷ সেয়ে তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰণ কৰাত প্ৰথম গুৰুত্ব আৰোপ কৰিবলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷ সংগঠনৰ উক্ত দাবী মানি নল’লে আছুৰ ডিফু আঞ্চলিকে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে৷













