![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই বিভিন্ন পথৰ ব্যৱহাৰৰ লগতে কেতবোৰ কৌশল অৱলম্ন কৰা পৰিলক্ষিত হৈছে ৷ আজি ধনশিৰতি উদ্ধাৰ হোৱা বুজন পৰিমানৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰৰ পিছত পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহকাৰীৰ নতুন কৌশলৰ কথা ৷
আন্তৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰবি আংলং জিলা আৰক্ষীয়ে নিচ্ছিদ্ৰ তালাচী অভিযান চলাই অহাৰ বিপৰীতে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰইয়ো নিতৌ ন ন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ আজি বিয়লি কাৰবি আংলং জিলা আৰক্ষীয়ে অভিযান চলাই ধনশিৰিত নিষিদ্ধ হেৰইনসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ জালত পেলাবলৈ সক্ষম হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজুৰ ছেত্ৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত ধনশিৰিত এক অভিযান আৰম্ভ কৰে ৷ উক্ত অভিযানত আৰক্ষীয়ে এএছ ৭ ডি ০০০৭ নম্বৰৰ ক’লা ৰঙৰ স্ক’ৰ কপিঅ’ৰ পৰা অভিযানকাৰী দলটোৱে বুজন পৰিমাণৰ নিষিদ্ধ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷
জব্দ হোৱা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কমেও ছয় লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ আৰক্ষীৰ চকুত ধুলি দিবৰ বাবে সৰবৰাহকাৰী দলটোৱে বাহনখনৰ তেলৰ টেংকিত কৌশলগত বাবে লুকুৱাই আনিছিল ৷ এই আৰক্ষীয়ে দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে, আলতাব হুছেইন (২৬) আৰু ছবিৰ হুছেইন (২৪) বুলি চিনাক্ত কৰা হৈছে ৷
আনহাতে ধনশিৰি আৰক্ষীয়ে আজি জব্দ কৰা ড্ৰাগছখিনিয়ে ডিমাপুৰৰ যি ব্যক্তিয়ে দিছিল সেই ব্যক্তিৰ সন্ধানত ধৃত সৰবৰাহকাৰী কেইটাক লগতলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷













