ASSAM TIMES POST
গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হোৱা আছুৰ প্ৰাক্তন আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নেতা মমিনুল আৱালক বৃহস্পতিবাৰে প্ৰত্যুত্তৰ দিয়ে সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। আৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি গগৈয়ে সংবাদ মাধ্যমত কয় যে আছুত থাকোতে আৱালে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সৈতে গোপন মিতিৰালি কৰিছিল। ইয়াতেই ক্ষান্ত নাথাকি আৱালে ধনৰ লেন-দেনো কৰিছিল। আছু প্ৰসংগত মাত মাতিবলৈ আৱালৰ অধিকাৰ নাই বুলিও গগৈয়ে কয়। তেওঁ আছুৰ যে অভিভাৱক নহয়, সেই কথা আওপকীয়াকৈ কয়। উল্লেখ্য বুধবাৰে আৱালে কৈছিল যে লুৰীণজ্যোতি গগৈয়ে বাংলাদেশীৰ ওচৰত আঁঠু লৈছে। ইয়াৰোপৰি আছু আৰু কংগ্ৰেছক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি কৈছিল আৱালে।












