![]()
অজন্তা তালুকদাৰ
বোকাখাত : ডিব্ৰুগড়ৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘চয়নিকা’ই সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা অনলাইন একক অভিনয় প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ ৰাতুল ফুকনে। মুঠ ষাঠিগৰাকীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত বোকাখাতৰ অন্যতম অভিনেতা, নাট্যকাৰ, পৰিচালক ৰাতুল ফুকন নিৰ্বাচিত হোৱাৰ খবৰে বোকাখাতৰ নাট্য ক্ষেত্ৰখনলৈ আনন্দ কঢ়িয়াই আনিছে।
যুৱ অভিনেতাজনে যোৱা কেইবাবছৰো সদৌ অসম একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতা, পৰিচালকৰ স্থান দখল কৰি আহিছে। এখন নাট্য বিদ্যালয়ৰ শিক্ষক হিচাপে ফুকনে নৱ প্ৰজন্মৰ বাবে অহৰহ কাম কৰি আহিছে। মুলতঃ শিশু নাটকৰ ৰচনা, পৰিচালনা কৰা ৰাতুল ফুকনৰ শিশু নাটকে অসম বহু মঞ্চত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে।
২০১৯ বৰ্ষত বোকাখাত জিলা প্ৰশাসনে স্বাধীনতা দিৱসত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। বোকাখাতৰ ৰাইজে ফুকনৰ এনে সফলতাত শুভেচ্ছা জ্ঞাপন কৰিছে।













